ভাষ্য দিবলৈ চিবিআইয়ে মোক হেচা দিয়া নাছিল : ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ সচিব কাজল শৰ্মা

indrani-mukherjea-pti-875-570x320

ফাইল ফটো : ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ডৰ আন এক নতুন দিশ আদালতত উন্মোচিত হৈছে। প্ৰতিপক্ষৰ অধিবক্তাই দাবী কৰিছিল যে ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ সচিব কাজল শৰ্মাক এটা মনেসজা ভাষ্য দিবলৈ অন্যথা শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি চিবিআইয়ে ভাবুকি দিছিল।

কাজল শৰ্মাই অৱশ্যে বৃহস্পতিবাৰে বিশেষ আদালতক এয়া সত্য নহয় বুলি জানিব দিছে।

গোচৰটোৰ তৃতীয়গৰাকী আইনী সাক্ষী হিচাপে জেৰাৰ অন্তিম দিনটোত কাজল শৰ্মাক ইন্দ্ৰাণীৰ স্বামী তথা সহ অভিযুক্ত পীটাৰ মুখাৰ্জীৰ অধিবক্তা শ্ৰীকান্ত শিৱাদে প্ৰশ্ন কৰিছিল। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ এটা বাতৰিত এই কথা কোৱা হৈছে।

জানিব পৰা মতে শিৱাদেই আদালতক জনাইছিল যে শৰ্মাক চিবিআইৰ কাৰ্যালয়লৈ আনি চাৰি ঘন্টা জেৰা কৰিছিল। জেৰাৰ সময়ত তেওঁক এইবুলি কোৱা হৈছিল যে তেওঁ যদি এটা ভাষ্য নিদিয়ে তেতিয়াহ’লে তেওঁক গোচৰটোত এগৰাকী অভিযুক্ত হিচাপে বিবেচনা কৰা হ’ব।

বাতৰি অনুসৰি যোৱা এপ্ৰিল মাহৰ পৰা গোচৰটোত সাঙোৰ খাই পৰা শৰ্মাই তেওঁৰ কম্পিউটাৰৰ জ্ঞানৰ পৰা আৰম্ভ কৰি স্কাইপ একাউন্ট আৰু তেওঁৰ নিয়োগ কৰ্তা ইন্দ্ৰাণী সম্পৰ্কে সকলো বিষয়ৰ ওপৰত প্ৰশ্নৰ সন্মুখীন হৈ আহিছে।

ইয়াৰ পূৰ্বে চিবিআইয়ে দাবী কৰিছিল যে শ্বীনা বৰাৰ হত্যাকাণ্ডৰ পিছত কাজলে ২০১২ চনত পদত্যাগ পত্ৰত স্বাক্ষৰ কৰি অভিযুক্ত নিয়োগকৰ্তালৈ প্ৰেৰণ কৰিছিল আৰু এখন ছুটী তথা অনুজ্ঞাপত্ৰ বাতিলকৰণৰ নথি তেওঁৰ মালিকলৈ পঠিয়াই দিছিল।

কাজলে ইয়াৰ আগেয়ে আদালতক কৈছিল যে ইন্দ্ৰাণীয়ে যেতিয়া তেওঁক শ্বীনাৰ চহী জাল কৰিবলৈ নিৰ্দেশ দিছিল, তেতিয়া প্ৰথমতে তেওঁ সেয়া অস্বীকাৰ কৰিছিল কিন্তু পিছত তেওঁক যেতিয়া কোৱা হৈছিল যে শ্বীনা আমেৰিকা যুক্তৰাষ্ট্ৰত আছিল আৰু তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ বাবে ইন্টাৰনেট সেৱা নাই তেতিয়া কাজল মান্তি হৈছিল।

কাজলে লগতে আদালতক জনাইছিল যে তেওঁ চহী জাল কৰাটো অপৰাধমূলক কাৰ্য বুলি জনা নাছিল।

তেওঁ আদালতৰ আগত স্বীকাৰ কৰিছিল যে তেওঁ শ্বীনা বৰাৰ চহী জাল কৰাৰ বাবে অনুশীলন কৰা কাগজ-পত্ৰবোৰ তেওঁৰ নিয়োগকৰ্তা ইন্দ্ৰাণী মুখাৰ্জীৰ নিৰ্দেশত নষ্ট কৰি পেলাইছিল।