ভাৰতত থকা অনুপ্ৰৱেশকাৰীৰ প্ৰকৃত সংখ্যা নাই চৰকাৰৰ হাতত

আজি কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুৱে সংসদৰ মজিয়াত কয় যে অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰৱেশ সম্পূৰ্ণ গোপনে সংঘটিত হয় আৰু ভাৰতত থকা অনুপ্ৰৱেশকাৰীৰ সঠিক সংখ্যা চৰকাৰৰ হাতত নাই। আজি ৰহিঙীয়াৰ বিষয়টো প্ৰসংগত মন্ত্ৰীজনে এইদৰে কয়। ‘অনুমান কৰা মতে পৰিমাণটো ৪০ হাজাৰ হ’ব পাৰে। এতিয়ালৈকে কোনো ৰহিঙীয়া অনুপ্ৰৱেশকাৰীকে হস্তান্তৰ কৰা হোৱা নাই। ১৯৫১ চনৰ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী চুক্তি তথা তাৰ পৰৱৰ্তী আনুষ্ঠানিক নীতিৰ যদিও ভাৰত এটা পক্ষ নহয়, তথাপি শৰণাৰ্থীসকলক আশ্ৰয় আৰু সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ভাৰতৰ আন্তঃৰাষ্টীয় পৰ্য্যায়ত সুনাম আছে।’ ৰিজিজুৱে কয়। ইয়াৰ পূৰ্বে তেওঁ কৈছিল যে অবৈধ বাংলাদেশীক ধৰা পেলাবলৈ আৰু ঘূৰাই পঠাবলৈ সংশোধিত নিয়মাৱলী প্ৰস্তুত কৰা হৈছে আৰু ইয়াক ২০০৯ চনত ৰাজ্য চৰকাৰ তথা কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনলৈ প্ৰেৰণ কৰা হৈছে। ‘এই নিয়মাৱলীৰ ২০১১ চনত কিছু সংশোধন আৰু আকৌ ২০১৩ চনত সংশোধন কৰা হৈছে। এই নিয়মাৱলীৰ ভিতৰত আছে বাংলাদেশীয়ে অবৈধভাৱে সীমা পাৰ হ’ব খোজোতেই তৎমুহূৰ্ততে ঘূৰাই পঠোৱাৰ ব্যৱস্থাও আছে।’ কিৰেন ৰিজিজুৱে কয়।

তেওঁ লগতে জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে অনুপ্ৰৱেশ, ভিছা আৰু বিদেশী নাগৰিক পঞ্জীয়ন আৰু অনুসৰণ বিষয়ত এটা অভিযানমূলক প্ৰকল্প (I.V.F.R.T.) হাতত লৈ আছে। ইয়াৰ জৰিয়তে বিদেশী নাগৰিকক ধৰা পেলোৱা প্ৰক্ৰিয়াটো উন্নীত হ’ব। ভিছা অনুমোদনৰ সময়ত, অনুপ্ৰৱেশ পৰীক্ষা কেন্দ্ৰবোৰত হোৱা অনুপ্ৰৱেশৰ পৰীক্ষাৰ সময়ত আৰু আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্য্যলয়/বিদেশী পঞ্জীয়ন কাৰ্য্যালয়বোৰত হোৱা পঞ্জীয়নৰ সময়ত পোৱা তথ্যবোৰৰ একত্ৰীকৰণ আৰু বিনিময়ে এই প্ৰক্ৰিয়াটোত সহায় কৰিব।

যেতিয়া এজন বিদেশী নাগৰিক ভাৰতত নিৰ্ধাৰিত সময়তকৈ অধিক দিন থকাটো ধৰা পৰে, যিটো ভিছাৰ নিয়ম উলংঘা হ’ব, অথবা কোনো বৈধ ভ্ৰমণ নথিৰ অবিহনে থকা বুলি ধৰা পৰিব, তেতিয়া বিদেশী নাগৰিক আইন ১৯৪৬ ৰ অধীনত প্ৰত্যৰ্পণকে ধৰি প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ’ব। ৰিজিজুৱে এইদৰে কয়।

বিদেশী নাগৰিকৰ শ্ৰেণী বিভাগ দেখুৱাই ৰিজিজুৱে আৰু কয়, ‘বিদেশী নাগৰিক দুই ধৰণৰ আছে। ১। বৈধ ভ্ৰমণ নথিৰ সৈতে ভাৰতত প্ৰৱেশ কৰি নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো থাকি যোৱা আৰু ২। কোনো বৈধ নথিৰ অবিহনেই ভাৰতত প্ৰৱেশ কৰা। চৰকাৰৰ হাতত থকা তথ্য মতে ২০১৬ চনৰ ৩১ ডিচেম্বৰ পৰ্য্যন্ত ৭,৬৮৫ জন বিদেশী নাগৰিক নিৰ্ধাৰিত সময় উকলাৰ পিছতো ভাৰতত আছে। আনহাতে দ্বিতীয় শ্ৰেণীৰ বিদেশী নাগৰিকো ভাৰতত প্ৰৱেশ কৰাৰ খবৰ পোৱা যায়। কিন্তু এইসকল গোপনে ভাৰতত প্ৰৱেশ কৰে। সেইবাবে তেনেকুৱা বিদেশী নাগৰিক কিমান আছে তাৰ হিচাপ ভাৰত চৰকাৰৰ হাতত নাই।