ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰাক বিৰোধিতা কৰি গুৱাহাটীত ‘কুইৰ প্ৰাইড’

Queer Pride

সকলোৰে বাবে সম অধিকাৰ দাবীৰে আজি মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত LGBTQIA সকলৰ অধিকাৰৰ বাবে মাতি অহা গোট ‘সুকীয়াৰ’ৰ সদস্য সকলে মিলি ‘কুইৰ প্ৰাইড’ নামৰ এক সমদল উলিয়ায়।

এইটো পঞ্চম কুইৰ প্ৰাইড বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ ৩৭৭ ধাৰাক বিৰোধীতা কৰি তেওঁলোকে কয় যে বৰ্তমানলৈকে LGBTQIA সকলক মৌলিক অধিকাৰ, মৰ্যাদা আৰু ন্যায্যতাৰ পৰা বঞ্চিত কৰি অহা হৈছে।

যোৱা ৫ বছৰ ধৰি তেওঁলোকে ফ্ৰেব্ৰুৱাৰি মাহৰ দ্বিতীয় দেওবাৰে নৃত্য-গীতৰ মাধ্যমেৰে ‘কুইৰ প্ৰাইড’ অনুষ্ঠিত কৰি আহিছে বুলি জানিবলৈ দি গোটৰ এগৰাকী সদস্য প্ৰগতিয়ে সাংবাদিকৰ আগত কয় যে প্ৰেমে কোনো লিংগ নামানে আৰু কাৰ সৈতে কোনে প্ৰেম কৰিব সেয়া আইনে নিৰ্ধাৰণ কৰিব নোৱাৰে।

সমদলটোত তেওঁলোকে সমকামিতাৰ অধিকাৰক মানৱ অধিকাৰ হিচাপে স্বীকৃতি দিয়াৰ দাবী জনায়। ইয়াৰ উপৰি তৃতীয় লিংগৰ ব্যক্তি সকলক ‘Transgender Rights Bill’ ত উপেক্ষা কৰা হৈছে বুলি তেওঁলোকে সদৰী কৰে।

আন এজন সদস্য শিৱলাল গৌতমৰ মতে : “কুইৰ প্ৰাইড LGBT লোকসকলৰ অধিকাৰ পোৱাৰ দাবীত আয়োজন কৰা হৈছে। সমাজত সকলোৱে হেয় দৃষ্টিৰে চোৱা লোকসকল আন্ধাৰৰ মাজৰ পৰা পোহৰলৈ উলাই আহি সমাজত সকলোৰে লগত সমভাৱে জীয়াই থকাটো আমি বিচাৰো।”

উদ্দ্যোক্তা সকলে জনোৱা মতে গুৱাহাটীকে ধৰি যোৰহাট, শিৱসাগৰ, তেজপুৰ বিশ্ববিদ্যালয়, নলবাৰীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল, মেঘালয়, নাগালেণ্ডৰ পৰা অহা প্ৰায় ৫ শতাধিক যুৱক-যুৱতীয়ে আজিৰ সমদলত অংশগ্ৰহণ কৰে।

আনহাতে পাপনৰ সৈতে একেলগে গীত পৰিবেশন কৰি অসমৰ ৰাইজৰ চিনাকী হৈ পৰা ৰেহেনায়ো ‘কুইৰ প্ৰাইড’ৰ প্ৰতিবাদী সমদলত যোগদান কৰি তেওঁলোকৰ প্ৰতি সমৰ্থন আগবঢ়ায়।