ভাৰতীয় ফুটবল দলৰ প্ৰবাদপ্ৰতীম নাগা খেলুৱৈ ডাঃ তালিমেৰেন আওৰ জন্ম শতবৰ্ষৰ ২১ বছৰ অনূৰ্ধ্ব উত্তৰ-পূব পৰিষদ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ

ডাঃ টি আও ২১ বছৰ অনূৰ্ধ্ব উত্তৰ-পূব পৰিষদ স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখন আজি গুৱাহাটীত উদ্বোধন কৰে ভাৰতীয়  ফুটবল দলৰ প্ৰাক্তন অধিনায়ক, অৰ্জুন বঁটাপ্ৰাপক ব্ৰুন’ কুটিনহ’ৱে।

ব্ৰুন’ই আজি ছাইৰ নিউ ফিল্ডত প্ৰতিযোগিতাখন উদ্বোধন কৰি কয় ‘১৭ বছৰৰ অনূৰ্ধ্ব বিশ্বকাপত মণিপুৰৰে ৭-৮ গৰাকী খেলুৱৈয়ে ভাৰতীয় ফুটবল দলত খেলাৰ সুযোগ পোৱাটো উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ কথা’।

তেওঁ লগতে কয় যে ফুটবলৰ ক্ষেত্ৰখনত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ দ্ৰুত উত্থান হৈছে।

প্ৰাক্তন ফুটবলাৰ গৰাকীয়ে খেলুৱৈসকলক ১০০ শতাংশ মনোযোগেৰে খেলিবৰ বাবে আহ্বান জনায়।

‘সকলোৱে নিয়মানুবৰ্তিতা মানি চলি খেলিব লাগে আৰু ৰেফাৰি তথা প্ৰশিক্ষকক সন্মান কৰিব লাগে’ বুলি মন্তব্য কৰি তেওঁ আই এচ এলত কিছুসংখ্যক খেলুৱৈয়ে ৰেফাৰীৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰক ‘অনুচিত’ বুলি অভিহিত কৰে।

ডাঃ টি আও সোঁৱৰণী প্ৰতিযোগিতাখন ছাই (Sports Authority of India) আৰু উত্তৰ-পূব পৰিষদ (North East Council) যুটীয়াভাৱে আয়োজন কৰি আহিছে। ভাৰতীয় ফুটবল দলৰ এসময়ৰ অধিনায়ক, ভাৰতীয় ফুটবলৰ প্ৰবাদপ্ৰতীম নাগা খেলুৱৈ তালিমেৰেন আওৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এইবাৰ বিশেষভাৱে এই প্ৰতিযোগিতাখন গুৱাহাটীত আয়োজন কৰা হৈছে।

এসময়ত আৱে খেলা, গুৱাহাটীৰ শতবৰ্ষ গৰকা মহাৰাণা ক্লাবেও এইবাৰৰ বিশেষ প্ৰতিযোগিতাখনৰ আয়োজক হিচাপে সহযোগিতা আগবঢ়াইছে।

আয়োজকসকলে জনোৱা মতে অহা বছৰৰ পৰা পুনৰ নাগালেণ্ডতে এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

খেলৰ জগত ‘পূৰ্বতে ৰাজনীতিৰে ভৰি আছিল’ বুলি মন্তব্য কৰি অসমৰ ক্ৰীড়া প্ৰাধিকৰণৰ উপ সভাপতি, বিজেপি নেত্ৰী কুইন ওজাই কয় ‘কিছুমান খেলিব নজনা যুৱককো পূৰ্বতে ৰাজনীতি কৰি খেলিবলৈ পঠাই দিয়ে। ভৱিষ্যতে এনেকুৱা নহয় বুলি আশা কৰিছো।’

মিজোৰামক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।

২৮ ফেব্ৰুৱাৰিত চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাখনৰ বিজয়ী দলক ৩ লাখ টকা আৰু দ্বিতীয়, তৃতীয় স্থানৰ দলক ২ আৰু ১ লাখকৈ টকা আগবঢ়োৱা হ’ব।

উদ্বোধনী অনুষ্ঠানত এন ই চি ৰ উপদেষ্টা পি খাউণ্ড, প্ৰাক্তন আৰক্ষী বিষয়া হেমেন্দ্ৰ ব্ৰহ্ম, ভাৰতীয় ক্ৰীড়া সঞ্চালকালয়ৰ সদস্য বলেন চক্ৰবৰ্তীকে ধৰি ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।