ভাৰতৰ পতাকা জ্বলালে আলফা (স্বাঃ) এ : গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান

আলফা (স্বাঃ)

প্ৰতিনিধিত্বমূলক চিত্ৰ

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰীয় পতাকা জ্বলাই ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে বিষেদগাৰ প্ৰকাশ কৰিলে আলফা (স্বাঃ)এ।

গণৰাজ্য দিৱস উদযাপনৰ বিৰোধিতা কৰি সংবাদমাধ্যমলৈ পঠোৱা এক ভিডিঅ’ যোগে নিষিদ্ধঘোষিত সংগঠনটোৱে অসমৰ জনসাধাৰণক গণৰাজ্য দিৱস বৰ্জন কৰিবলৈ আহ্বান জনায়।

আলফা (স্বাঃ)এ কোন ঠাইত পতাকা জ্বলাইছিল তাক ঠাৱৰ কৰিব পৰা হোৱা নাই যদিও সংগঠনটোৰ ম্যানমাৰৰ কেম্পৰ ওচৰতে এই কাৰ্য সংঘটিত কৰিছিল বুলি অনুমান কৰা হৈছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ইমেইলত সংগঠনটোৱে কয়, ‘ঔপনিৱেষিক ভাৰত ৰাষ্ট্ৰই আমাৰ স্বাধীনতাৰ অধিকাৰ কাঢ়ি নিয়াৰ ওপৰি আমাক নিজ মাতৃভূমিতে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰি আহিছে।’

ভিডিঅ’টোত আলফা (স্বাঃ) কেদাৰ সকলৰ হাতত সংগঠনটোৰ পতাকাৰ লগতে প্লেকাৰ্ড লৈ থকা দেখিবলৈ পোৱা গৈছে।

‘১৯৫৮ চনৰ পৰাই আফস্পাৰ দৰে অমানুষিক আইন জাঁপি দি  আমাৰ ওপৰত প্ৰভুত্ব চলাই আহিছে।’ বুলি কৈ তেওঁলোকে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা যায়।

ইতিমধ্যে আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে ঘটনাটোক লৈ অনুসন্ধান অাৰম্ভ কৰিছে।