ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ সাজু নেপাল

India

এক চমু ভ্ৰমণসূচী লৈ অহা ১১ মে’ত নেপালত উপস্থিত হ’বলগীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ সাজু হৈছে চুবুৰীয়া ৰাষ্ট্ৰখন।

সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি মতে নেপালৰ প্ৰধানমন্ত্ৰী কেপি অলিয়ে প্ৰায় এমাহ পূৰ্বে ভাৰত ভ্ৰমণ কৰি যোৱাৰ পাছত মোডীৰ সমাগত এই ভ্ৰমণক লৈ চলিছে তীব্ৰ চৰ্চা। প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মোডীৰ এয়া হ’ব তৃতীয় নেপাল ভ্ৰমণ।

কাৰ্যসূচী অনুসৰি অহা ১১ মে’ত মোডীয়ে জনকপুৰত উপস্থিত হ’ব। তাত তেওঁক আদৰণি জনাব নেপালৰ প্ৰধানমন্ত্ৰী অলিয়ে।

জনকপুৰত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত প্ৰায় ১ লাখ লোক উপস্থিত থাকিবলগীয়া এখন সভাত প্ৰধানমন্ত্ৰী মোডীক সম্বৰ্ধনা জ্ঞাপন কৰিব নেপালৰ প্ৰধানমন্ত্ৰী কেপি অলিয়ে। ইতিমধ্যে উক্ত দিনা নেপালত চৰকাৰী বন্ধ ঘোষণা কৰিছে প্রশাসনে।

জনকপুৰৰ মুখ্য মন্ত্ৰী লাল বাবু ৰাউটে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীক আদৰিবলৈ পোৱাটো তেওঁলোকৰ বাবে এক গৌৰৱৰ বিষয়। প্ৰধানমন্ত্ৰী মোডীয়ে জনকপুৰৰ পৰা পোনে পোনে নেপালৰ ৰজধানী কাঠমাণ্ডুত উপস্থিত হৈ তাত এক উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰাৰ পাছত ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি আৰু উপ- ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ উপৰি বিৰোধী দলৰ নেতৃবৃন্দকো সাক্ষাৎ কৰিব।

আনহাতে একেটা কাৰ্যসূচীতে মোডীয়ে অৰুণ ৩ জলবিদ্যুৎ প্ৰকল্প এটাৰ শিলান্যাস কৰিব বুলি জানিব পৰা গৈছে।

১২ মে’ত মোডীয়ে বিখ্যাত মুক্তিনাথ মন্দিৰ দৰ্শন কৰাৰ উপৰি বিশেষ পূজা আগবঢ়াব। সম্প্ৰতি মোডীৰ এই ভ্ৰমণক লৈ উখল- মাখল পৰিৱেশৰ সূচনা হৈছে নেপালত।