NORTHEAST NOW (Assamese)

‘ভাৰত কী বীৰ’ৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ বাবে দৌৰা মাৰাথন দৌৰবীৰ সমীৰ সিঙক এছ এছ বিৰ সম্বৰ্ধনা

May 8, 2018 8:36 pm · ৰিনয় বসুমতাৰী

মাৰাথন দৌৰবীৰ সমীৰ সিঙক কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহৰ চহিদসকলৰ স্বাৰ্থৰ হকে দৌৰাৰ বাবে সশস্ত্ৰ সীমা বল অৰ্থাৎ এছ এছ বিয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছে।

বঙাইগাঁওত অৱস্থিত এছ এছ বিৰ ছেক্টৰ হেড কোৱাৰ্টাৰত অনুষ্ঠিত এক জাকজমকীয়া অনুষ্ঠানত ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ ৱেবছাইট ভাৰত কী বীৰৰ বিষয়ে গণ সজাগতাৰ সৃষ্টি কৰা আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাসমূহৰ চহিদ পৰিয়ালৰ সদস্যসকলক আৰ্থিক সহায়তা প্ৰদান কৰাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে তেওঁক সম্বৰ্ধনা জনোৱা হয়।

সশস্ত্ৰ সীমা বলৰ বঙাইগাঁওৰ ছেক্টৰ হেড কোৱাৰ্টাৰৰ উপ মহা পৰিদৰ্শক এন্থনি থানমিয়ে কয় যে এই উদগণিমূলক সুদীৰ্ঘ যাত্ৰাৰ সফল সামৰণিৰ বাবে সমীৰ সিঙক শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে তেওঁলোক সমৱেত হৈছে।

উল্লেখ্য যে ২০১৭ৰ ১ ডিচেম্বৰৰ পৰা সমীৰে পাঞ্জাবৰ ৱাঘাৰ পৰা আৰম্ভ কৰি পাঞ্জাব, হাৰিয়ানা, দিল্লী,ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ,গোৱা,কৰ্ণাটক,তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, পশ্চিম বংগ, অসম মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, অৰুণাচল প্ৰদেশ হৈ ১১,০০০ৰো অধিক কি:মি: দূৰত্বৰ যাত্ৰা সম্পন্ন কৰিছে। বঙাইগাঁওৰ পৰা সমীৰে অসম, পশ্চিম বংগ, ছিকিম, বিহাৰ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু জম্মু আৰু কাশ্মীৰ হৈ পাঞ্জাবৰ ৱাঘা সীমান্তত প্ৰায় ১৫,০০০ কি:মি: দূৰত্ব অতিক্ৰম কৰাৰ পাছত যাত্ৰাৰ সামৰণি মাৰিব।

উল্লেখ্য যে এয়াই হৈছে এতিয়ালৈকে বিশ্বৰ আটাইতকৈ দীঘলীয়া মাৰাথন দৌৰৰ অভিলেখ।

Related News