NORTHEAST NOW (Assamese)

ভাৰত-বাংলা দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰাৰ বাবে কৰ-ব্যেতিৰেক বাধা আঁতৰাবলৈ কাটছৰ পৰামৰ্শ

June 21, 2018 4:05 pm · সুবীৰ ভৌমিক

ভাৰতীয় থিংক টেংক কাটছ ইণ্টাৰনেশ্যনেলৰ (CUTS INTERNATIONAL) এটা প্ৰতিৱেদনত পৰামৰ্শ দিয়া মতে ভাৰত-বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰাৰ বাবে কৰ-ব্যেতিৰেক বাধা সম্পূৰ্ণ আঁতৰ কৰিব লাগিব।

কাটছৰ নীতি বিশ্লেষক ৰাহুল আৰোৰাই কৈছে যে দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য আশা কৰাতকৈ যথেষ্ট কম। কৰ-ব্যতিৰেক বাধা (যেনে ৰপ্তানী অংশ, ৰাজ-সাহায্য, সীমা শুল্ক বিলম্ব, কাৰিকৰী বাধা ইত্যাদি) আঁতৰ কৰিলেহে  দ্বিপাক্ষিক বাণিজ্য উল্লেখনীয়ভাৱে বৃদ্ধি পাব।

প্ৰতিৱেদনটোত গুৰুত্ব প্ৰদান কৰা কেইটামান কাৰক হৈছে:

  • বিশ্ব বাণিজ্য সংস্থাৰ ‘বাণিজ্য সুবিধা চুক্তি’ অনুসৰি বাণিজ্য সুবিধা নীতিৰ বিকাশ কৰা (সীমা-শুল্ক নিষ্পত্তি দ্ৰুততৰ কৰা, আমদানি-ৰপ্তানী নথি-পত্ৰ হ্ৰাস আৰু একক খিৰিকী ব্যৱস্থা প্ৰৱৰ্তন)
  • যান-যঁট হ্ৰাস কৰাৰ বাবে ট্ৰাক পাৰ্কিৰ ঠাইৰ ব্যৱস্থা কৰা, সীমান্ত এলেকাৰ আশে-পাশে পৰ্যাপ্ত পৰীক্ষা সুবিধা উপলব্ধ কৰোৱা, বাণিজ্য আন্তঃগাঁথনিৰ উন্নতি কৰা আৰু সকলোকেইটা ভূমি সীমা-শুল্ক আস্থানক ডিজিটেল তথ্যভিত্তিসহ বৈদ্যুতিক তথ্য বিনিময় ভূমি সীমা-শুল্ক আস্থানলৈ পৰিৱৰ্তিত কৰা।
  • বাংলাদেশত অনুৰূপ ভূমি-বন্দৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰা।
  • গ্ৰাম্য আন্তঃগাঁথনিত বিনিয়োগ কৰা  আৰু প্ৰাথমিক উৎপাদনকাৰীক অধিক লাভ দিয়াৰ বাবে মধ্যভোগীৰ ভূমিকা হ্ৰাস কৰা
  • কৃষকে যাতে উৎপাদিত সামগ্ৰী সময়মতে বিক্ৰি কৰিব পাৰে তাৰ বাবে উৎপাদনস্থলীৰ সমীপৱৰ্তী এলেকাত বজাৰ আৰু আন আন আন্তঃগাঁথনিৰ সৃষ্টি কৰা।
  • কৃষিক লাভজনক কৰি তোলাৰ বাবে নীতি বলৱৎ কৰা
  • কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৃষি নীতিৰ মাজত অধিক একতাৰ সৃষ্টি কৰা আৰু কৃষকৰ উপাৰ্জন বঢ়োৱাৰ বাবে কৃষিজাত দ্ৰব্যৰ ৰপ্তানী বৃদ্ধি কৰা

ভাৰতৰ জ্যেষ্ঠ সীমা-শুল্ক বিষয়া এছ কে মহাপাত্ৰই জোৰ দি কৈছে যে ৰপ্তানীকাৰীসকলে জোখ মাখৰ বাবে নিজস্ব সা-সুবিধা জোগাৰ কৰিব লাগে যাতে সীমা পাৰ হওঁতে অপ্ৰয়োজনীয় বিলম্বৰ পৰা হাত সাৰিব পৰা যায়।

তেওঁ আৰু কয় যে পূব ভাৰতৰ ৰপ্তানীকাৰীসকলে এই সা-সুবিধাখিনি নিজাকৈ যোগাৰ কৰাত কিছু অনীহা দেখুৱাইছে। ফলত সময় আৰু বিনিময় ব্যয় বৃদ্ধি হৈ আছে।

তেওঁ আৰু কয় যে কৃষিজাত উৎপাদনৰ সৈতে জড়িত বাংলাদেশৰ ‘প্ৰাণ’ (PRAN) আদি কোম্পানীক ভাৰতৰ চুবুৰীয়া ৰাজ্যসমূহত উৎপাদন গোট স্থাপন কৰাৰ বাবে উৎসাহিত কৰিব লাগে। ‘‘আৰু তেতিয়াহে আমাৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে উচিত মূল্য লাভ কৰিব’’ বুলি তেওঁ কয়।

কাটছৰ আঞ্চলিক সঞ্চালক ব্ৰতীন্দ্ৰ ভট্টাচাৰ্যই কয় যে ৰাহুল আৰোৰাৰ প্ৰতিৱেদনৰ ওপৰত হোৱা ঘুৰণীয়া মেজমেলৰ বহুতো পৰামৰ্শ তেওঁৰ সংস্থাটোৱে গ্ৰহণ কৰিব।

তেওঁ কয়, ‘‘বাণিজ্য, সীমা-শুল্ক, চৰকাৰ আৰু উৎপাদনকৰ্তাসকলৰ সৈতে জড়িত সকলৰ পৰা অহা সকলো বাস্তবায়িত কৰিব পৰা পৰামৰ্শৰ বাবে আমাৰ প্ৰতিৱেদনৰ অন্তিম প্ৰতিলিপিত স্থান থাকিব।

Related News