ভাৰত-বাংলা সীমান্ত চীল নকৰাটো চৰকাৰৰ এটা অক্ষমণীয় অপৰাধ : সমুজ্জ্বল ভট্টাচাৰ্য্য

AASU

‘অসম চুক্তি স্বাক্ষৰিত হোৱাৰ ৩২ বছৰ পাৰ হৈ যোৱাৰ পাৰ হৈ যোৱাৰ পাছতো ভাৰত-বাংলাদেশ সীমান্ত চীল কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে ভাৰত চৰকাৰ। ই এটা আন্তঃৰাষ্ট্ৰীয় সীমা। এই সীমান্ত চীল কৰিব নোৱৰাটো দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি এক ভাবুকি। ভাৰত-বাংলা সীমান্ত চীল কৰিব নোৱাৰাটো ভাৰত চৰকাৰৰ এটা অক্ষমণীয় অপৰাধ’। এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ।

মঙলবাৰে নতুন দিল্লীত এক সংবাদমেল অনুষ্ঠিত কৰি আছুৰ উপদেষ্টাগৰাকীয়ে কয় যে অসম এখন সৰু ৰাজ্য গতিকে অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশে অসমৰ ভাষা, সংস্কৃতিৰ অস্তিত্ব আৰু সুৰক্ষাৰ প্ৰতি অতি সহজেই ভাবুকিৰ সৃষ্টি কৰিব।

তেওঁ লগতে কয় যে গুজৰাটৰ দৰে ডাঙৰ ৰাজ্যসমূহত অবৈধ অনুপ্ৰৱেশে সহজে সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে, কিন্তু তেনেধৰণৰ সমস্যাই অসম তথা উত্তৰ-পূবত অতি সহজেই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

ইয়াৰ উপৰিও তেওঁ আজি অসমক সুৰক্ষা প্ৰদান কৰি কাইলৈৰ বাবে ভাৰতক সুৰক্ষিত কৰক বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

তেওঁ লগতে অসম চৰকাৰে ভাৰত-বাংলাদেশ সীমান্তইদি ‘হুজি’, ‘অল কায়দা’ আদিৰ দৰে সন্ত্ৰাসবাদী সংগঠনসমূহে ভাৰতত প্ৰৱেশ কৰাৰ তথ্য প্ৰকাশ কৰাৰ পাছতো এই সীমান্ত চীল নকৰা বিষয়টো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। তেওঁ কয়, ‘অসম তথা উত্তৰ-পূৰ্বাঞ্চল মৌলবাদী সংগঠনসমূহৰ ট্ৰেনজিত ৰোড হৈ পৰিছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। এই শক্তিসমূহ অসমত সক্ৰিয় হৈ পৰিছে বুলি তেওঁলোকে সদৰি কৰিছে। কিন্তু তাৰ পাছতো চৰকাৰে সীমান্ত চীল কৰি অসম তথা উত্তৰ-পূবৰ লগতে দেশৰ সুৰক্ষা সুনিশ্চিত কৰিব নিবিচৰা কথাটো আশ্চৰ্যজনক।’

একেখন সংবাদমেলত ড০ সমুজ্জ্বল ভট্টাচাৰ্য্যই নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি অসমৰ খিলঞ্জীয়া ৰাইজৰ ভাষা, সংস্কৃতি, আৰু অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব পৰা কাৰ্য নকৰিবলৈ দাবী জনায়। ইয়াৰ উপৰিও ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে বিদেশীক সুৰক্ষা প্ৰদানৰ বাবে জাপি দিয়া অধ্যাদেশো বাতিল কৰাৰ দাবী উত্থাপন কৰে।