ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এন আৰ চি উন্নীতকৰণৰ খতিয়ান ল’লে মহাপঞ্জীয়ক শৈলেশে

এন আৰ চি

অহা ২০ ফেব্ৰুৱাৰিত এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব। সেই দিনা এন আৰ চি উন্নীতকৰণ কৰ্তৃপক্ষই শীৰ্ষতম ন্যায়ালয়খনত দাখিল কৰিব লাগিব শপতনামা।

এই শুনানিৰ সময়তে যোৱা ৩১ ডিচেম্বৰত প্ৰকাশিত প্ৰথম খচৰাৰ সবিশেষ তথা তাৰ পৰৱৰ্তী পৰ্যায়ৰ কাম-কাজৰো খতিয়ান দাখিল কৰিব কৰ্তৃপক্ষই। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক  প্ৰতীক হাজেলাই শপতনামাযোগে এই খতিয়ান দাখিল কৰিব। জানিব পৰা মতে ২০ ফেব্ৰুৱাৰিৰ শুনানিত দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ দিন নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে কালি দেশৰ মহা পঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত শৈলেশে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এন আৰ চি উন্নীতকৰণৰ অগ্ৰগতিৰ খতিয়ান লয়। কালি বিয়লি ৪ বজাৰ পৰা ভঙাগড়ত থকা এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত অনুষ্ঠিত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে তেওঁ ৰাজ্যৰ বিভিন্ন জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া আৰু জিলা প্ৰকল্প পৰ্যবেক্ষকসকলৰ সৈতে বৈঠকত মিলিত হয়।

তেওঁৰ সৈতে এন আৰ চি উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাও এই কনফাৰেন্সিঙত উপস্থিতিত আছিল। দুয়োজনে পিছত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰে।

এন আৰ চিৰ কৰ্তৃপক্ষই জনোৱামতে অহা ১৫ আৰু ১৭ ফেব্ৰুৱাৰিত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হ’ব দ্বিতীয় খচৰাৰ বাবে বংশবৃক্ষ পৰীক্ষণৰ কাম। এই কনফাৰেন্সিঙত বংশবৃক্ষ পৰীক্ষণৰ কাৰিকৰী দিশবোৰ পৰ্যালোচনা কৰা হয়। সূত্ৰটোৱে জানিবলৈ দিয়া মতে অহা ১৯ ফেব্ৰুৱাৰিৰ ভিতৰত পূৰ্ণগতিত আৰম্ভ হ’ব বংশবৃক্ষ পৰীক্ষণ।

কনফাৰেন্সিঙত ইয়াৰ কাৰিকৰী দিশ  সন্দৰ্ভত শ্ৰীশৈলেশে দিহা-পৰামৰ্শ প্ৰদান কৰে বুলি জনা গৈছে।