ভূটান সীমান্তৰ মনোৰম প্ৰাকৃতিক পৰিৱেশক লেতেৰা কৰিছে অসমৰ পিকনিক দলে : ছ’চিয়েল মিডিয়াত ভূটানৰ বনপালকৰ পোষ্ট

মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে আকৰ্ষণৰ স্থলী হৈ পৰা অসম-ভূটান সীমান্তলৈ অসমৰ পিকনিক দলৰ দৈনিক আগমন ঘটে। এওঁলোকৰ বহুতেই ভূটানৰ নিৰ্মল প্ৰাকৃতিক পৰিৱেশ তথা সৌন্দৰ্য উপভোগ কৰি তৃপ্ত হয়। কিন্তু আন বহুতেই পিকনিকৰ নামত মাতলামি, উদ্ভণ্ডালি-উৎপাত কৰাই নহয়, আধা খোৱা বস্তু, প্লাষ্টিকৰ বটল, পাত-চোত খোৱা ঠাইতে পেলাই থৈ আহে। আনকি মদৰ বটল দলিয়াই, জোতাৰে গচকি ভাঙি-ছিঙি তাত এক কদৰ্যময় পৰিৱেশ কৰি থৈ আহে। এইদৰে বিভিন্নটা বনভোজৰ দলে সুন্দৰ ঠাইখন ক্ৰমে ক্ৰমে লেতেৰা, খোজ দিবলৈ মনত অনিচ্ছা-শংকা জগা ঠাইত পৰিণত কৰিছে।

এই লৈ স্বাভাৱিকতে নিৰ্মল পৰিৱেশত থাকি ভালপোৱা, প্ৰকৃতি-সচেতন ভূটানীসকল বেচ অসন্তুষ্ট। তেওঁলোকে নিজেই যিমান পাৰে এইবোৰ চাফা কৰে। কিন্তু শেহতীয়াকৈ এইবোৰ চাফাই কাৰ্যত জড়িত কেইজনমান বনপালকৰ এজনে ছ’চিয়েল মিডিয়াত এই বিষয়টো লৈ যি আপডেইট দিলে সি সচেতন অসমীয়া লোকৰ চকু কপালত তোলাৰ লগতে নিজকে লজ্জিত অনুভৱ কৰাইছে।

ভূটানৰ মৌখোলা অঞ্চলত অসমৰ পৰা যোৱা পিকনিকৰ দলে কৰি থৈ অহা কদৰ্য্যময় পৰিৱেশ চাফা কৰা এই ৰয়েল মানস ৰাষ্ট্ৰীয় উদ্যান (ভূটানত মানস ৰাষ্ট্ৰীয় উদ্যানৰ নাম)ৰ কৰ্মচাৰীজনে তেওঁৰ পোষ্টত অসমৰ পিকনিক দলবোৰৰ প্ৰতি অতি বিনয়ভৰা তথা আৱেদনময় ভাষাত আহ্বান জনাইছে।

বনপালকজনে নিজৰ পোষ্টত লিখিছে- ‘গোটেই মৌখোলা অঞ্চলটোৱেই প্ৰদূষিত হৈ পৰিছে। আমি অসমৰ বন্ধুসকলক পিকনিকলৈ নাহিবলৈ নকওঁ। আমি আপোনালোকক সদায়ে স্বাগতম জনাওঁ। কিন্তু আপোনালোকে অনুৰোধ কৰি লগত এটা বস্তা লৈ আহে যেন, যাতে আপোনালোকে নিজৰ আৱৰ্জনাখিনি তাত ভৰাই অন্ততঃ ঘাইপথৰ কোনো এটা পইণ্টত থৈ যাব পাৰে। তেতিয়া আমাৰ পৌৰকৰ্মীয়ে সেইবোৰ উঠাই লৈ গৈ সঠিক ঠাইত পেলাব পাৰিব।’

তাৰ উপৰি তেওঁ লিখিছে, ‘আপোনালোকে প্ৰদূষিত কৰা মৌখোলা ঠাইখনৰ আইনদীখন আপোনালোকৰ অঞ্চলৰ মাজেৰেই বৈ নাযায়নে? পিকনিক খাই আপোনালোকে আনন্দত নাচি-বাগি ঘূৰি যায়। কিন্তু এই কথা ভাবি চাব যে ই কেৱল ভূটানকে প্ৰদূষিত নকৰে। এই একেখন প্ৰদূষিত নদীৰ পৰা আপোনালোকেও পানী খাব, তাত গা ধুব, তাৰ পানী কৃষিত ব্যৱহাৰ কৰিব।’

অসন্তুষ্টি খাই মাজত সীমা মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ ভূটানত অসমৰ পিকনিক দলৰ কাণ্ডজ্ঞানহীনতাই ভূটানৰ বনপালকক বাধ্য কৰিলে ছ’চিয়েল মিডিয়াত পোষ্ট দিবলৈ।

এই পোষ্টটোত বিশেষ দ্ৰষ্টব্য হিচাপে তেওঁ কৈছে। পিছৰবাৰ পিকনিকলৈ আহোতে আপোনালোকে অনুগ্ৰহ কৰি মজবুত জোতা পিন্ধি আহিব, যাতে নদীৰ পাৰে পাৰে খোজ কাঢ়োতে এই বছৰ এৰি যোৱা ভগা মদ আৰু বিয়েৰৰ বটলে আপোনালোকৰ ভৰি কাটিব নোৱাৰে।

অসমীয়া যুৱ সমাজৰ দায়িত্বজ্ঞানহীনতাক উদঙাই দিয়া বনপালকৰ এই পোষ্টটোৱে সচেতন অসমীয়া নাগৰিকক স্বাভাৱিকতে লজ্জিত কৰিছে।