ভূমিস্খলনত ব্যাপক ক্ষতিসাধন মিজোৰামত, জলমগ্ন দক্ষিণ হাইলাকান্দিৰ বিস্তীৰ্ণ অঞ্চল

IMG-20180613-WA0036

বিগত দুদিনমানৰ পৰা আহি থকা প্ৰৱল বতাহ আৰু বৰষুণৰ ফলত মিজোৰামৰ ৰাজধানী আইজল, লুংলেসহ লুংতলাইৰ এক বিস্তীৰ্ণ এলেকাত ব্যাপক ভূমিস্খলন হৈছে। এই ভূমিস্খলনৰ ফলত অঞ্চলকেইটাত ব্যাপক ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে। নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়াৰাজ্যখনৰ পৰা নামি অহা বাঢ়নী পানীয়ে অসমৰ দক্ষিণ হাইলাকান্দিৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে।

জানিব পৰা গৈছে যে ভূমিস্খলনৰ ফলত আইজল চহৰত অৱস্থিত কেইবাটাও ঘৰ, পথঘাট আৰু দোকান আদিৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে একাংশ ঘৰ, দোকান আৰু পথঘাট তললৈ খহি পৰে।

ইপিনে মিজোৰাম ৰাজ্যৰ সীমাৱর্তী অসমৰ হাইলাকান্দি জিলাৰ কাটাখাল নদীৰ বাঢ়নী পানীয়ে বিপদসীমা অতিক্ৰম কৰি দক্ষিণ হাইলাকান্দি, লালা, জ্যোৎস্নাবাদ, মুক্তাছৰা, ভেঠেলা, মাধবপুৰ,গাগলাছৰা আদি এলেকা বুৰাই পেলাইছে। পথাৰৰ লগতে পথঘাট, ঘৰবাৰী আদি বুৰাই পেলোৱাত বিপদত পৰা ৰাইজে আহি মথাউৰিত আশ্ৰয় লৈছে। ভুক্তভোগী ৰাইজৰ অভিযোগ যে  মিজোৰাম ৰাজ্যই পানী এৰি দিয়াৰ বাবে হঠাতে অহা বাঢ়নী পানীৰ তলত বুৰ গৈছে নামনিত থকা এলেকাসমূহ।