ভোটৰ স্বাৰ্থতহে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা কৈছিল নৰেন্দ্ৰ মোদীয়ে : জুৱেল ওৰামৰ মন্তব্যৰ প্ৰতিক্ৰিয়াত ৰিপুন বৰা

RipunBora

“ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত আন্তৰিকতা নাই বিজেপি চৰকাৰৰ। নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে ছটা জনগোষ্ঠীক কেৱল ভোটৰ স্বাৰ্থতহে জনজাতিকৰণৰ বিষয়টো ছমাহৰ ভিতৰত মীমাংসা কৰি জনজাতিকৰণ কৰা হ’ব বুলি কৈছিল।” এইদৰে জনজাতিকৰণৰ বিষয়টোত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ স্থিতিৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।

শেহতীয়াকৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কৰা মন্তব্যৰ গৰিহণা দি শনিবাৰে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয়, “যেতিয়ালৈ অসমত কংগ্ৰেছ চৰকাৰ আছিল তেতিয়ালৈ কেন্দ্ৰীয় চৰকাৰে বিচৰা প্ৰতিটো তথ্য দি থকা হৈছিল। তেওঁলোকে ৰাজ্য চৰকাৰৰ কেবিনেটৰ সন্মতি বিচাৰিলে, সন্মতি প্ৰদান কৰা হ’ল। তাৰ পাছত জনগোষ্ঠীকেইটাৰ এখন বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ দিয়া হ’ল। আমি বিশেষজ্ঞ সমিতি গঠন কৰি তাৰ প্ৰতিবেদনো প্ৰেৰণ কৰিলো। কিন্তু তাৰ পাছতো বিজেপি চৰকাৰে এই বিষয়ত একো নাজানে বুলি কোৱাটো আশ্চৰ্যকৰ।”

উল্লেখযোগ্য যে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিৰ স্বীকৃতি বিষয়টোত বিজেপি চৰকাৰ কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি যোৱা ১৪ জুনত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে মন্তব্য কৰিছিল আৰু ইংগিত কৰিছিল যে বিষয়টো এক প্ৰকাৰৰ অনিশ্চয়তাৰ মাজত।

ইয়াৰ পিছতে অসমত ক্ষোভৰ জুই উঠে। বিভিন্ন স্থানত ছটা জনগোষ্ঠীৰ প্ৰতিনিধিসকলে ওৰাম, প্ৰধান মন্ত্ৰী মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে। ওৰামে লগতে কৈছিল যে এয়া এক উমৈহতীয়া সিদ্ধান্তৰ বিষয়। মাত্ৰ এটা নহয়, চাৰিটাকৈ সংস্থা এই প্ৰক্ৰিয়াৰে জড়িত। আনকি ৰাজ্য চৰকাৰৰো মতামত এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।

অৱশ্যে ক্ষোভৰ জুই দেখি পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে তাৰ স্পষ্টীকৰণ দি জনজাতিকৰণৰ প্ৰক্ৰিয়াটো চৰকাৰৰ সক্ৰিয় বিবেচনাধীন হৈ আছে বুলি জানিবলৈ দিছিল।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে জুৱেল ওৰামে পাছত স্পষ্টীকৰণ দিলেও তেওঁ প্ৰথমতে যি কৈছিল সেয়াই আচল কথা আৰু সেই কথাই জনজাতিকৰণৰ বিষয়টোত যে বিজেপিয়ে পাভলুটি মাৰিছে সেইয়া প্ৰমাণিত হৈছে।