NORTHEAST NOW (Assamese)

ভৱানীপুৰৰ ৰৌমাৰী মধ্যপাৰাত সম্পন্ন ইফতাৰ মেহফিল

June 2, 2018 11:40 pm · আনিছুজ জামান

আজি ভৱানীপুৰৰ সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী মধ্যপাৰা মছজিদত এখনি ইফতাৰ মেহফিল অনুষ্ঠিত হয়৷ উক্ত ইফতাৰ মেহফিলৰ পূৰ্বে মছজিদত এখনি আলোচনা সভা অনুষ্ঠিত হয়৷

উক্ত আলোচনা সভাত ৰমজানৰ ৰোজাৰ গুৰুত্ব, ছেহৰি ইফতাৰৰ ফজিলত ফিতৰা প্ৰদানৰ উদ্দেশ্য আৰু বিতৰণৰ সঠিক সময় ইত্যাদি সন্দৰ্ভত আলোচনা কৰা হয়৷

এই আলোচনাত বক্তব্য ৰাখে জামাত ই ইছলামী হিন্দ মাজগাঁও শাখাৰ সভাপতি হাইদৰ আলী আৰু জামাতৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ছফিকুল ইছলামে৷ আলোচনাৰ অন্ততঃ সকলোৱে মিলি সমূহীয়াকৈ আল্লাহৰ ওচৰত মোনাজাত কৰে৷

মোনাজাত কৰে মছজিদৰ ইমাম মৌলানা মফিদুল ইছলামে৷ ইফতাৰ মেহফিলটো সুচাৰুৰূপে সমাপ্ত কৰাত সহায় আগবঢ়ায় জামাতৰ মাজগাঁও শাখাৰ সম্পাদক হাসমত আলী তালুকদাৰ জামাত কৰ্মি ছাদ্দাম হুছেইন আৰু এছ আই অৰ মাজগাঁও শাখাৰ সভাপতি তথা জামাত কৰ্মি হাফিজ ইনামুল হকে।

Related News