ভৱানীপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা : কাণ-সাৰ নাই ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ

শিক্ষা বিভাগত আমূল পৰিৱৰ্তন হোৱা বুলি চৰকাৰ তথা কিছুদিন পূৰ্বে দপ্তৰ সলনি হোৱা হিমন্ত বিশ্ব শৰ্মাই সভাই সমিতিয়ে গাই ফুৰা কথাষাৰৰ প্ৰকৃত স্বৰূপ উদঙাইছে বৰপেটা জিলাৰ ভাৱানীপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই।

উল্লেখযোগ্য যে ভৱানীপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা তথা কাৰ্যালয়টোৰ অন্যান্য সামগ্ৰীসমূহ নষ্ট হৈ যোৱাৰ বাবে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে প্ৰায় এমাহ পূৰ্বে বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাইছিল যদিও বতৰ্মানলৈকে কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লীলাধৰ দাসে এক পত্ৰ যোগে ঊৰ্ধ্বতন কৰ্তৃপক্ষক শিক্ষা বিষয়া কাৰ্যালয়টোৰ কম্পিউটাৰ, প্ৰিণ্টাৰ, ইউপিএছ, জেনেৰটৰ আদি বিকল হৈ থকা বুলি অৱগত কৰে।

আনহাতে কাৰ্যালয়টোৰ এই গুৰুত্বপূৰ্ণ সা-সামগ্ৰীসমূহ বিকল হৈ থকাৰ ফলত শিক্ষক-শিক্ষয়িত্ৰীৰ মাহিলী বেতনৰ ডিজিটেল অনলাইন বিল, বকেয়াকে আদি কৰি কাৰ্যালয়টোৰ অন্যান্য কাম-কাজ ইণ্টাৰনেট কেফেত কৰিব লগা হৈছে।

ফলত কাৰ্যালয়ৰ বাহিৰত কাম-কাজ কৰিব লগা হোৱা হেতুকে কাৰ্যালয়ৰ গোপনীয়তা ৰক্ষা কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হোৱা বুলিও বিষয়াগৰাকীয়ে জনাইছিল।

একেদৰে ডিপিইপি আঁচনিৰ দিনতে নিৰ্মিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়টো সম্প্ৰতি জহি-খহি মেৰামতি কৰিব নোৱাৰা অৱস্থা হৈছে বুলি পত্ৰ যোগে জনাইছিল। কাৰ্যালয়টোৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বাবে এজাক বৰষুণ দিলেই কাৰ্যালয়টোৰ ভিতৰত পানী জমা হোৱা বুলি উল্লেখ কৰি অতিশীঘ্ৰে নতুনকৈ কাৰ্যালয় গৃহ আৰু গুদাম নিৰ্মাণ কৰিবলৈ উৰ্দ্ধতন কৰ্তৃপক্ষক অনুৰোধ জনাইছিল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে।

কিন্তু বিষয়াগৰাকীয়ে অনুৰোধ জনোৱা এমাহ অতিক্ৰম কৰাৰ সময়তো ঊৰ্ধ্বতন কৰ্তৃপক্ষই এই বিষয়টো সন্দৰ্ভত কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত আশ্চৰ্য প্ৰকাশ কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীৰ লগতে শিক্ষক-কৰ্মচাৰীসকল।