মঙলদৈৰ গান্ধী মৈদানত সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত জাকজমকতাৰে ৰঙালী বিহু উদযাপন

Rongali Bihu 1 (1)

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে দৰং জিলাৰ মঙলদৈতো ব্যাপক উলহ মালহৰে উদযাপন কৰা হৈছে ৰঙালী বিহু। বিগত বৰ্ষৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰাত ব্যস্ত হৈ পৰিছে মঙলদৈৰ বিভিন্ন বিহু সমিতি।

উল্লেখ্য যে অইন বছৰৰ দৰে এইবছৰো সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীয়ে জিলাখনত কেন্দ্ৰীয় ভাবে যোৱা দেওবাৰৰ পৰা দুটা স্তৰত পাঁচদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিছে। এইবেলি ৬৪ সংখ্যকত ভৰি দিয়া ৰঙালী বিহুখন উদযাপন কৰা হৈছে জিলাখনৰ ঐতিহাসিক গান্ধী মৈদান খেলপথাৰত।

পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰঙালী বিহু উৎসৱটিৰ দেওবাৰে শুভাৰম্ভ কৰে মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক তথা বিহু উদযাপন সমিতিৰ সভাপতি গুৰুজ্যোতি দাসে। শুভাৰম্ভণি অনুষ্ঠানত উদযাপন সমিতিৰ সম্পাদক দিগন্ত মণি বৰা, সমিতিৰ অন্য বিষয়ববীয়াৰ লগতে বহুতো স্থানীয় লোক উপস্থিত থাকে।

এই অনুষ্ঠানৰ পাছতেই দৰঙ জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে মুকলি কৰে এক সাংস্কৃতিক শোভাযাত্ৰা। মঙলদৈ চহৰৰ মাজেৰে উলিওৱা এই শোভাযাত্ৰাত অঞ্চলটোৰ বহুতো লোকে বিভিন্ন পৰম্পৰাগত সাজ পাৰ পৰিধান কৰি অংশগ্ৰহণ কৰে। আনহাতে শুভাৰম্ভণিৰ দিনাই আয়োজক সমিতিয়ে মঙলদৈ চহৰৰ বিভিন্ন ব্যক্তিক সম্বৰ্ধনা জনায়।

উক্ত অনুষ্ঠান সমূহৰ অন্ত পৰাৰ পাছতেই ৬৪ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীৰ প্ৰথম স্তৰৰ কাৰ্যসূচীৰ অন্ত পৰে। আৰু ইয়াৰে বাকী থকা চাৰিদিন দ্বিতীয় স্তৰৰ বিহু সন্মিলনখন উদযাপন কৰা হ’ব অহা ২৪ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈ।

উল্লেখ্য যে কেন্দ্ৰীয় ভাবে আয়োজিত ৬৪ সংখ্যক বিহু সন্মিলনীখনিৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে ‘সদৌ অসম মুকলি বিহু’, সদৌ অসম বিহু কুঁৱৰী’, সদৌ অসম একাংকিকা নাটক’, সদৌ অসম মাৰাথন দৌৰ’ আৰু ‘সদৌ অসম চাইক্লিং’ প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে। ৰাজ্যিক আৰু জিলা ভিত্তিত আয়োজিত উক্ত প্ৰতিযোগিতাসমূহত সৰ্বমুঠ ১.৫৯ লাখ টকাৰ পুৰস্কাৰ বিজয়ী সকলৰ মাজত বিতৰণ কৰিব বুলি কয় আয়োজক সমিতিয়ে।

ইফালে আয়োজক সমিতিয়ে জানিবলৈ দি কয় যে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে এইবাৰৰ বিহু সন্মিলনী ২৭ এপ্ৰিলত অন্ত পৰিব। উক্ত নিশা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব অসমৰ সংগীত জগতৰ চিৰ পৰিচিত তথা জনপ্ৰিয় সংগীত তাৰকা জুবিন গাৰ্গে।

আনহাতে দেওবাৰৰ দিনটোত সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীৰ উপৰি মঙলদৈৰ বিভিন্ন সমিতিয়ে বিভিন্ন অনুষ্ঠানৰ মাজেৰে হেপাহৰ ৰঙালী বিহুটি উদযাপন কৰে।