মঙলদৈৰ নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা : কুৱাৰ্টাৰ ফাইনেলত গুৰুত্বপূৰ্ণ পইণ্ট আৰ্জন বঙাইগাঁৱৰ

মঙলদৈত হৈ থকা নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ৭ এপ্ৰিলত ড্ৰ হোৱা কুৱাৰ্টাৰ ফাইনেল খেলখনৰ প্ৰথম ইনিংছত লোৱা ৮৪ ৰানৰ অগ্ৰগতিৰে যোৰহাটৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ৩ পইণ্ট পাবলৈ সক্ষম হয়। যোৰহাট জিলা ক্ৰীড়া সংস্থাৰ ল’ৰাহঁত ১ পইন্টতে সন্তুষ্ট থাকিব লগা হয়।

মঙলদৈ ষ্টেডিয়ামত হোৱা খেলখনৰ দ্বিতীয় দিনা আগনিশাৰ ৫ ৱিকেটৰ বিনিময়ত কৰা ১৪১ ৰানৰ পৰা খেল আৰম্ভ কৰি বঙাইগাওঁ দলে আৰু মাত্ৰ ৬৫ ৰানহে যোগ দিবলে সক্ষম হয়। ৪৯ ৰানৰ বিনিময়ত আগনিশাৰ অপৰাজিত বেটাৰ পাৰ্থজিত বৈশ্য (৮৩ ৰান) আৰু সুজয় তৰফদাৰ (৪৩ ৰান)ৰ লগতে বঙাইগাঁৱৰ বাকী থকা পাঁচোতা ৱিকেট দখল কৰে যোৰহাটৰ শম্ভু যাদৱে। আম্পায়াৰে খেলখন ড্ৰ বুলি ঘোষণা কৰাৰ পূৰ্বে দ্বিতীয় দিনা যোৰহাটে ৫৪ অ’ভাৰত ৬ ৱিকেটৰ বিনিময়ত ২৩৫ ৰান সংগ্ৰহ কৰে। যোৰহাটৰ হৈ মহম্মদ কাইফ ৫৬ ৰান, প্ৰবাল বৰকটকী ৪৯ ৰান আৰু পাৰ্থ প্ৰতিম বৰা ৪০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বঙাইগাওঁ দলৰ হৈ প্ৰীতম তালুকদাৰে ৭৭ ৰানৰ বিনিময়ত ৩ টা আৰু সুনীল ৰঞ্জন দত্তই ৬৫ ৰানত ২ টা ৱিকেট দখল কৰে।

অহা ৯ আৰু ১০ এপ্ৰিলত মঙলদৈ ষ্টেডিয়ামত হ’ব লগা আনখন কুৱাৰ্টাৰ ফাইনেলত নগাওঁ আৰু লখিমপুৰ মুখামুখি হ’ব।