মঙলদৈ ক্ৰিকেট লীগৰ বিজয়ীৰ খিতাপ অৰ্জন মঙলদৈ টাউন ক্লাবৰ

মঙলদৈত ক্ৰিকেট সংস্থাৰ দ্বাৰা অনুষ্ঠিত আন্তঃক্লাব ছিনিঅ’ৰ ছুপাৰ লীগ ক্ৰিকেট টুৰ্নামেণ্টত মঙলদৈ টাউন ক্লাবে বিজয়ীৰ খিতাপ অৰ্জন কৰে।

আজি মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলৰ এক উত্তেজনাপূৰ্ণ খেলত মঙলদৈ টাউন ক্লাবে মঙলদৈ ইউনাইটেড ক্লাবক ১ উইকেটত পৰাস্ত কৰে।

উল্লেখ্য যে টছত জয়ী হৈ প্ৰথমে বেট ধৰা মঙলদৈ ইউনাইটেড ক্লাবে ২৫ অ’ভাৰত সকলো উইকেট হেৰুৱাই ১২৪ ৰান সংগ্ৰহ কৰিছিল।

ইউনাইটেড ক্লাবৰ হৈ জ্যোতি প্ৰসাদ ডেকাই ৩৪টা বলত ৩৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শ্যাম গোস্বামীয়ে ৫৪টা বলত ৩৩ ৰান সংগ্ৰহ কৰে। টাউন ক্লাবৰ হৈ মনোজ বৰ্মনে মাত্ৰ ১৭ ৰান দি ৩টা উইকেট দখল কৰে।

ইয়াৰ বিপৰীতে মঙলদৈ টাউন ক্লাবে বেট ধৰিবলৈ আহি ২২.৩ অ’ভাৰতে ৯টা উইকেটৰ বিনিময়ত  নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। টাউন ক্লাবৰ হৈ গৌতম বৰ্মনে ২০টা বলত ৩৭ ৰান সংগ্ৰহ কৰাৰ লগতে দিশান্ত কাকতিয়ে ৪০টা বলত ৩৫ ৰান সংগ্ৰহ কৰে।

আনহাতে ২০ ৰান দি ২টা উইকেট দখল কৰা ইম’ন চৌধুৰী আৰু ২৬ ৰান দি ২টা উইকেট দখল কৰা ছাবেৰ আলী ইউনাইটেড ক্লাবৰ সফল ব’লাৰ।

খেলখনৰ শেষত বিশিষ্ট ক্ৰীড়াবিদ তথা সেনা বিষয়া প্ৰদ্যুত কুমাৰ ইমং, মঙলদৈ ক্ৰীড়া সংস্থাৰ সম্পাদক অনুপম ডেকা, মঙলদৈ পৌৰ নিগমৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ আৰু অন্যান্য অতিথিসকলে খেলুৱৈসকলক বঁটা প্ৰদান কৰে।