আচৰিত হ’লেও সত্য : গৃহ অবিহনেই চলি আছে মণিপুৰৰ চুৰাচান্দপুৰৰ ছিংঘাট আৰক্ষী থানা

Singhat-Police stn

মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ অন্তৰ্গত এখন গুৰুত্বপূৰ্ণ থানা  ছিংঘাট আৰক্ষী থানা এটা গৃহ অবিহনেই চলি আছে। ইয়াত কাম কৰা আৰক্ষীৰ লোকসকলৰ সেয়েহে কষ্টৰ কোনো সীমা নাই।

এটি জৰাজীৰ্ণ ঘৰলৈ পৰ্যৱসিত হোৱা আৰক্ষী থানাখন এতিয়া স্থানীয় লোকসকলৰ শাক-পাচলি আৰু  খেতি কৰা ঠাইলৈ পৰিৱৰ্তন হৈছে।

২০০৮ নিৰ্মাণ হোৱা আৰক্ষী থানাৰ এই ঘৰটো ব্যৱহাৰৰ অনুপযুক্ত বুলি ঘোষণা কৰাৰ পিছত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলে মুকলি আকাশৰ তলতেই তেওঁলোকৰ কৰ্তব্য পালন কৰিবলৈ বাধ্য হৈ পৰিছে।

যোৱা বৃহস্পতিবাৰে স্থানীয় বিধায়ক গিনছুৱানহাউ জৌৱে অৱশেষত ছিংঘাটৰ মহকুমাৰ সদৰৰত এখন নতুনকৈ নিৰ্মাণ কৰা জনজাতীয় বজাৰগৃহ উদ্বোধন কৰিবলৈ যাওঁতে আৰক্ষী থানাখনৰ বৰ্তমানৰ অৱস্থাটো জানিব পাৰে।

বিধায়কজনে থানাখনৰ অৱস্থা সম্পৰ্কে বুজ ল’বলৈ কৰা ভ্ৰমণটোত তেওঁক সংগ দিছিল চুৰাচান্দপুৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখ্য যে  বৰ্তমান এই থানাখনত নিয়োজিত হৈ থকা আৰক্ষী লোকৰ সংখ্যা ৪০জন।

অৱশ্যে, চুৰাচান্দপুৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ইংগিত দিছে যে গৃহটো মেৰামতি কৰা হ’লে আৰক্ষীৰ লোকৰ সংখ্যা ১০০জনলৈ বদ্ধি কৰিব পৰা যাব।

শ্লেষজনক কথাটো হ’ল এই যে ষ্ট্ৰংৰুম নথকা বাবে ছিংঘাট থানাত নিয়োজিত এজন আৰক্ষী লোকৰ হাততো অস্ত্ৰ নাই।

প্ৰয়োজন সাপেক্ষে চুৰাচান্দপুৰৰ পৰা নিৰাপত্তা বেষ্টনিৰ মাজত অস্ত্ৰ আনি আৰক্ষীৰ লোকসকলক দিয়া হয় ।

মূল গৃহটো খালী কৰি দিয়াৰ পিছত এতিয়া আৰক্ষী থানাখনত কোনো  লকআপৰ ব্যৱস্থা নাই আৰু আৰক্ষীৰ লোকসকলৰ বাবে বেৰেক আৰু টয়লেট আৰু ৰন্ধা ঘৰৰ ব্যৱস্থাও নাই।