• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত স্থাপন হ’ব উত্তৰ -পূবৰ প্ৰথমটো জৈৱ-সম্পদ গৱেষণা কেন্দ্ৰ

ছভাপতি ছামম by ছভাপতি ছামম
March 15, 2018 1:10 pm
Director-Prof-Sahoo-explaining-to-visitors-
165
VIEWS
Share on FacebookShare on Twitter

জৈৱ-সম্পদ আৰু বহনক্ষম বিকাশ প্ৰতিষ্ঠানৰ (আই বি এছ ডি) উদ্যোগত মণিপুৰত এটি জৈৱ-সম্পদ গৱেষণা কেন্দ্ৰ এটি স্থাপন কৰা হ’ব। ইম্ফলৰ উত্তৰে প্ৰায় ১৬ কি:মি: নিলগত থকা পাহাৰৰ পাদদেশত অৱস্থিত নয়নাভিৰাম হাৰাওৰাও গাঁৱত এই জৈৱ-সম্পদ গৱেষণা কেন্দ্ৰটো স্থাপন কৰা হ’ব।

উল্লেখযোগ্য যে এই জৈৱ-সম্পদ গৱেষণা কেন্দ্ৰটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এনেধৰণৰ একমাত্ৰ কেন্দ্ৰ হ’ব।

উদ্ভিদ বিজ্ঞানৰ অধ্যাপক, ৭খন মহাদেশ ভ্ৰমণৰ অভিজ্ঞতাপুষ্ট ব্যক্তি এই প্ৰতিষ্ঠানটোৰ সঞ্চালক ড০ দীনবন্ধু ছাহুৱে কয়, ‘ইয়াৰ পূৰ্বে কলাকৰ্ষিত বৃক্ষসমূহ বাংগালুৰু আৰু হাইদৰাবাদ আদি ঠাইৰ পৰা আমদানি কৰা হৈছিল।

ড০ দীনবন্ধু ছাহুৱে আৰু কয় যে ইয়াত উপলব্ধ জৈৱ-সম্পদসমূহ কেন্দ্ৰটোৰ হেলিপেডৰ পৰা ৰাজ্যখনৰ বিভিন্ন স্থানলৈ লৈ যোৱাৰ সুবিধা আছে। জল সংৰক্ষণ, মৎস পালন, কলাকৰ্ষণ, কৃষকৰ প্ৰশিক্ষণ ইত্যাদিৰ সুবিধা মাত্ৰ এই কেন্দ্ৰতহে একেলগে পোৱা যায় বুলি তেওঁ মন্তব্য কৰিছে।

ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি, কেন্দ্ৰটোৰ উদ্যোমী সঞ্চালকগৰাকীৰ প্ৰাণ প্ৰাচুৰ্যভৰা নেতৃত্বত আই বি এছ ডিৰ দলটোৱে প্ৰায় ৪০ একৰ এলেকা বিয়পা, পাহাৰৰ গাতে লাগি থকা বিস্তীৰ্ণ কৃষিভূমিৰ এই এলেকাটোত গৱেষণা কেন্দ্ৰটোক এটা বহনক্ষম বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আগবাঢ়িছে।

উত্তৰ-পূৰ্বাঞ্চলত ভাৰতৰ প্ৰথমটো চেৰী ফুল উৎসৱ : ২০১৬  অনুষ্ঠিত কৰাত অগ্ৰণী ভূমিকা লোৱা, গৱেষণা  কেন্দ্ৰটোৰ সঞ্চালক  অধ্যাপক ছাহুৱে তেখেতৰ কেন্দ্ৰটোৰ  বৈজ্ঞানিকসকলৰ সহযোগত বুধবাৰে এটি মাছৰ পোনা উৎপাদনস্থলী, উন্নত প্ৰযুক্তিসম্পন্ন কলাকৰ্ষণ আৰু  কঠিনকৰণ সা-সুবিধাযুক্ত গৱেষণাস্থলীৰ আধাৰশিলা স্থাপন কৰে।

বিশ্বৰ প্ৰথমখন কাৰ্বনগ্ৰাহী গাড়ীৰ বিকাশ সাধন কৰা অধ্যাপক ছাহুৱে কৈছে যে এই কেন্দ্ৰটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতেই প্ৰথমটো বাণিজ্যিকভিত্তিক কলাকৰ্ষণ আৰু কঠিনকৰণ সা-সুবিধাযুক্ত গৱেষণাগাৰ হ’ব আৰু পৰিকল্পনা অনুযায়ী ইয়াৰ পৰা বছৰি অতি কমেও ৮ লাখ উদ্যান শস্যৰ পুলি অত্যাধিক ৰেহাই মূল্যত কৃষক আৰু জনসাধাৰণক যোগান ধৰা হ’ব।

তেখেতে আৰু কয় যে প্ৰতিষ্ঠানটোৰ উদ্যানখন হৈছে যথার্থ  বহনক্ষম বিকাশৰ এটা নমুনা য’ত মুঠ ২৫০জন কৃষকক জৈৱ-সম্পদ উদ্যোগ বিকাশৰ অধীনত মাত্ৰ এটা প্ৰজাতিৰ কপৌফুলৰ (ডেণ্ড্ৰোবিয়াম)ওপৰত প্ৰশিক্ষণ দিয়া হৈছিল।

বিগত তিনি বছৰ ধৰি আই বি এছ ডিৰ দলটোৱে ইতিমধ্যে কৃষকৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ প্ৰয়োজনৰ ভিত্তিত  কাম কৰি আছে। এই কেন্দ্ৰটোৱে ছাউথ কোৰিয়াৰ  নাকদংগাং নেশ্যনেল ইন্সটিটিউট অৱ বায়লজিকেল ৰিছাৰ্চ, বেলজিয়ামস্থিত ভিশ্যন অৱ টেকন’লজি, মেঘালয় চৰকাৰ, ভূৱনেশ্বৰৰ ইন্সটিটিউট অৱ লাইফ ছাইন্স আদি ভালেকেইটা বিখ্যাত প্ৰতিষ্ঠানৰ সৈতে জৈৱ-সম্পদ উদ্ঘাটন আৰু ব্যৱহাৰৰ ক্ষেত্ৰত যুটীয়া গৱেষণা কৰাৰ বাবে বুজাপৰা চুক্তিত স্বাক্ষৰ কৰিছে।

যোৱা মাহত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে বৃহত্তম নিৰ্মল পানীৰ জলাধাৰ  লগটাক হ্ৰদত এই কেন্দ্ৰটোৱে প্ৰথমবাৰৰ বাবে ভাসমান গৱেষণাগাৰ স্থাপন কৰিছে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd