মণিপুৰত ৪০ টা সোণৰ মোহৰ জব্দঃ দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

মণিপুৰৰ টেঙনওপল জিলাৰ পৰা আৰক্ষীয়ে কালি ৪০ টা সোণৰ মোহৰ জব্দ কৰিছে আৰু এই সম্পৰ্কত দুজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা সোণখিনিৰ মূল্য হ’ব প্ৰায় ১.৭ কোটি টকা।

জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিব দিয়া মতে কালি টেঙনওপল আৰক্ষী থানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ ১ নং এছিয়ান ঘাইপথৰ লগতে দুখন গাড়ী ৰখাই থোৱা অৱস্থাত আৰক্ষীয়ে সন্দেহবশত: তালাচী চলাই এখন গাড়ীৰ পৰা সোণৰ মোহৰৰ দুটা পেকেট উদ্ধাৰ কৰে।

পেকেটত মুঠতে ৪০ টা সোণৰ মোহৰ আছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই সোমখিনিৰ মূল্য প্ৰায় ১.৭ কোটি টকা হ’ব বুলি জানিব দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।

আৰক্ষীৰ জেৰাত গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজনে স্বীকাৰ কৰিছে যে সোণখিনি ম্যানমাৰৰ পৰা চোৰাংকৈ অনা হৈছিল। গাড়ী দুখন ভাৰত-ম্যানমাৰ সীমান্তৰ ম’ৰেৰ পৰা ইম্ফল অভিমুখে আহিছিল।

ধৃত ব্যক্তি দুজনৰ পৰা দুটা মোবাইল ফোন আৰু সমসংখ্যক আধাৰ কাৰ্ড  আৰক্ষীয়ে জব্দ কৰিছে।

উল্লেখযোগ্য যে শেহতীয়াভাৱে ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলত চোৰাং বেহাৰ মাত্ৰা বৃদ্ধি পাইছে আৰু প্ৰায়েই এনেধৰণৰ মূল্যৱান সামগ্ৰীৰ লগতে নিষিদ্ধ দ্ৰব্য আদি নিয়মিতভাৱে আৰক্ষীয়ে জব্দ কৰাৰ বাতৰি পোৱা গৈছে।