মণিপুৰৰ পূব ইম্ফলত আজিৰ পৰা আৰম্ভ ৰাজ্যিক ভিত্তিত চেপাক টাকৰাও চেম্পিয়নশ্বীপ

Minister-social-welfare-Nemcha-Kipgen-at-Opening-Ceremony-of-sepak-takraw-championship-in-Manipur-on-thursday-1-570x320

মণিপুৰৰ পূব ইম্ফল জিলাৰ আইএমএছয়ু খেলপথাৰত আজিৰ পৰা আৰম্ভ হয় ৰাজ্যিক ভিত্তিত চেপাক টাকৰাও চেম্পিয়নশ্বীপ ।

তিনিদিনীয়া কাৰ্যসূচীৰে চলিব লগা এই প্ৰতিযোগিতাখন সদৌ মণিপুৰ চেপাক টাকৰাও এছ’চিয়েশ্যন আৰু হিঙাঙৰ আইএমএছয়ুৰ উদ্যোগত আয়োজন কৰা হৈছে।  ছাব জুনিয়ৰ, জুনিয়ৰ ল’ৰা আৰু ছোৱালী, পুৰুষ আৰু মহিলাৰ বিভিন্ন শাখাত এই প্ৰতিযোগিতাখন চলিব।

মণিপুৰ ৰাজ্যিক চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী নেমছা কিপগেন আৰু য়াছিকুল সমষ্টিৰ বিধায়ক সত্যব্ৰত সিং, সদৌ মণিপুৰ চেপাক টাকৰাও এছ’চিয়েশ্যনৰ সভাপতি দৰেন্দ্ৰ সিঙৰ লগতে অন্যান্য বহুতো লোক প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।

মন্ত্ৰী নেমছাই নিজৰ ভাষণ প্ৰসংগত কয় যে এই খেলবিধে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বেছ সুনাম অৰ্জন কৰিছে। আমাৰ ৰাজ্যৰ খেলুৱৈ সকলে নিজৰ নিজৰ দক্ষতাৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিবলৈ সক্ষম হৈছে। সেয়ে এই খেলৰ প্ৰতি অধিক মনোনিৱেশ কৰি ভৱিষ্যতত যেণ আৰু সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে মই ৰাজ্যৰ সকলো খেলুৱৈকে অনুৰোধ জনালো।

ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে সকলো লোককে শিক্ষাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় কিয়নো আনুষ্ঠানিক শিক্ষা অবিহনে কোনো বিষয়তে সফলতা লাভ কৰিব নোৱাৰি। তাৰোপৰি সকলো খেলুৱৈয়ে খেলুৱৈসুলভ মানসিকতা বজায় ৰাখি মেচত অৱতীৰ্ণ হ’বলৈ আহ্বান জনায়।

ইফালে অষ্টেলিয়াৰ গল্ডক’ষ্টত অনুষ্ঠিত কমনৱেলথ গেমছ ২০১৮ত মণিপুৰৰ ভাৰত্তোলক গৰাকীয়ে ৪৮ কেজি শাখাত অভিলেখ ভংগ কৰি দেশৰ হৈ প্ৰথমটো স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱা মণিপুৰৰ ভাৰোত্তোলক ছাইখম মীৰাবাই চানুকো অভনন্দন জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে।