মণিপুৰৰ বাহিৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ আঁচনি ল’ব মণিপুৰ চৰকাৰে

cm manipur

অনুষ্ঠানটোত মণিপুৰৰ মুখ্য মন্ত্ৰী

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত মণিপুৰী ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত চকু ৰাখিবৰ বাবে মণিপুৰ চৰকাৰে এক নীতি প্ৰস্তুত কৰিব। এই নীতিৰ আধাৰত অহা ১ ফেব্ৰুৱাৰিত এটা ৱে’বছাইট মুকলি কৰা হ’ব। ২০১৮ চনৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা জনাবৰ বাবে দেওবাৰে আয়োজিত এক অনুষ্ঠানত এই ঘোষণা কৰে মণিপুৰৰ মুখ্য মন্ত্ৰী বীৰেন সিঙে।

মুখ্য মন্ত্ৰী জনে কয় যে ৰাজ্যৰ বাহিৰত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ নাম পঞ্জীয়ন কৰি বিভিন্ন সাহায্য যেনে মৃত্যুৰ ক্ষেত্ৰত ২ লাখ টকা বা গুৰুতৰ আঘাত পালে ৫০ হাজাৰ টকা আদি সুবিধা গ্ৰহণ কৰিব পাৰিব।

তেওঁ লগতে উল্লেখ কৰে যে বাহিৰত পঢ়ি থকা ছাত্ৰ-ছাত্ৰী সকলক সকলো সময়তে সুৰক্ষা দিবৰ বাবেও সংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহক বিভাগীয় ভাৱে অনুৰোধ জনোৱা হ’ব।

তেওঁ ঘোষণা কৰে যে আহি থকা ৰাজ্যিক ব’ৰ্ডৰ পৰীক্ষা সমূহত ১ম, ২য় আৰু ৩য় স্থান দখল কৰিবলৈ সক্ষম হোৱা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক ক্ৰমে ৫, ৪ আৰু ৩ লাখকৈ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব।

তাৰোপৰি ২৫ সংখ্যক স্থানলৈকে অধিকাৰ কৰাসকলক ১ লাখ টকাকৈ আৰু জিলাৰ ভিতৰত ১ম আৰু ২য় স্থান পোৱা সকলক ৫০ হাজাৰ টকাকৈ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

এই ধৰণৰ অনুষ্ঠান মণিপুৰৰ ইতিহাসত এয়ে প্ৰথম বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী জনে কয় যে আগন্তুক ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ যোগোৱাই এই অনুষ্ঠান আয়োজনৰ প্ৰধান উদ্দেশ্য।

ৰাজ্যখন পিছ পৰি থকাৰ প্ৰধান কাৰণ জনশিক্ষাৰ অভাৱ বুলি তেওঁ উল্লেখ কৰে।

দুৰ্নীতি ৰোধৰ বাবে বৰ্তমানৰ চৰকাৰ খনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে।

জি পি এফ একাউণ্টৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত অসুবিধা দূৰ কৰিবৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে নতুন আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভুৱা প্ৰমাণ পত্ৰ আৰু অন্যান্য যোগ্যতা পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰায় ১৬ হাজাৰ শিক্ষকৰ সেৱা বহী ডিজিটাইজ কৰা হৈছে।

সমাজৰ সকলো সমস্যাৰে সমাধান শিক্ষা বুলি উল্লেখ কৰি সভাখনৰ সভাপতি তথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰাধেশ্যামে কয় যে বৰ্তমানৰ চৰকাৰে ৰাজ্যৰ শিক্ষা খণ্ডৰ বিকাশৰ ক্ষেত্ৰৰ সৰ্বোচ্চ গুৰুত্ব প্ৰদান কৰিছে।

শিক্ষা মন্ত্ৰী জনে উক্ত অনুষ্ঠানটোতে তেওঁৰ এমাহৰ দৰমহা ১ম ৰপৰা ৪ৰ্থ মানৰ ছাত্ৰ-ছাত্ৰী সকলৰ জোতা কিনাৰ বাবে অগবঢ়ায়।

মণিপুৰৰ শিক্ষা বিভাগে আয়োজন কৰা অনুষ্ঠানটোত কেবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ উপৰি ৰাজ্য খনৰ বহু কেইজন শীৰ্ষ আমোলায়ো অংশগ্ৰহণ কৰে।