মণিপুৰৰ বিজ্ঞানীয়ে উদ্ভাৱণ কৰিলে একক চানেকিৰ বৈদ্যুতিক গাড়ীৰ সঁজুলি

মণিপুৰৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰিলে একক চানেকিৰ বৈদ্যুতিক সঁজুলি

মণিপুৰৰ এগৰাকী বিজ্ঞানীয়ে পুৰণি বা প্ৰদূষণকাৰী ডিজেল বা পেট্ৰ’ল গাড়ী সম্পূৰ্ণ বৈদ্যুতিক গাড়ীলৈ সলনি কৰিবৰ বাবে এটা একক চানেকিৰ বৈদ্যুতিক গাড়ীৰ সঁজুলি সফলভাৱে উদ্ভাৱণ কৰাৰ দাবী কৰিছে। তেওঁ ধোৱা শূণ্য পৰিবহন ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য গ্ৰহণ কৰা বুলি কোৱা হৈছে।

পৰীক্ষামূলক এই উদ্ভাৱণৰ গৰাকী কাউন্সিল অফ্ চায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছ-ইণ্ডিয়ান ইনষ্টিটিউট অফ্ পেট্ৰ’লিয়ামৰ জ্যেষ্ঠ বিজ্ঞানী ৰবীন্দ্ৰ লেইৰেনলাকপামে জনায় যে উপযুক্ত মটৰৰ সৈতে ৪৮ ভ’ল্ট আৰু ১০০ এএইচ লিথিয়াম বেটাৰীৰ সহযোগত বৈদ্যুতিক গাড়ীৰ সঁজুলিবিধে পুৰণি গাড়ী বিশেষকৈ পুৰণি ভাৰতীয় গাড়ীক পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিব।

নৰ্থ ইষ্ট নাও’ ৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত ৰবীন্দ্ৰই কয় যে এটা সম্পূৰ্ণ চাৰ্জযুক্ত বেটাৰী সৰ্বোচ্চ ৪২ কিলোমিটাৰ গতিবেগত ৩০ কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে। এইটোৱে ভাৰতীয় পথত শক্তিৰ সুৰক্ষা, জলবায়ু পৰিৱৰ্তন আৰু ভয়াবহ প্ৰদূষণৰ সমস্যাৰ মোকাৱিলা কৰিব। বৈদ্যুতিক গাড়ী সলনি সঁজুলিটো নেচনেল ইলেকট্ৰিক ম’বিলিটি মিছন প্লেনৰ (এনইএমএমপি) অধীনত সাজি উলিওৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

২০২০ চনৰ ভিতৰত এনইএমএমপিয়ে ভাৰতত ৬-৭ নিযুত বৈদ্যুতিক তথা হাইব্ৰীড গাড়ীৰ সংখ্যা নিশ্চিত কৰিব বিচাৰিছে। ২০৩০ চনৰ ভিতৰত এইটো লক্ষ্য কৰিবলগীয়া হ’ব যে দেশৰ সকলো পথতে চলা গাড়ীসমূহ বৈদ্যুতিক শক্তিৰ দ্বাৰা চলিব। ২০৩০ চনৰ ভিতৰত ভাৰতত ব্যক্তিগত মালিকাধীন মটৰযুক্ত গাড়ীৰ সংখ্যা ৫০০ নিযুতৰ সংখ্যা চুবগৈ।

এনেধৰণৰ বৈদ্যুতিক সঁজুলিৰ উৎপাদনে লগতে দেশৰ লক্ষ্যত উপনীত হোৱাত বৰঙণি যোগাব বুলি উল্লেখ কৰি ৰবীন্দ্ৰই কয় যে এই কনভাৰ্টৰ কিটটোৰ সুবিধা হৈছে কম খৰচতে ই এখন ইন্ধনবাহী গাড়ী ধোৱা শূণ্য গাড়ীলৈ সলনি কৰিব পাৰে।

ডেৰাডুনস্থিত চিএছআইআৰৰ বিজ্ঞানীগৰাকীয়ে জনায় যে প্ৰকল্পটোৰ প্ৰযুক্তি এতিয়াও উন্নত তথা বিকাশ কৰিবলৈ আছে। ১০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পৰা সক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্য বাকী আছে। আনহাতে সংশ্লিষ্ট কৰ্তৃপক্ষই এই সঁজুলিটো বজাৰত সুলভ হোৱাটো বিচাৰিছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে দেশৰ অটোম’বাইল ইণ্ডাষ্ট্ৰিক প্ৰদূষণৰ বিষয়টোলৈ লক্ষ্য ৰাখি বৈদ্যুতিক গাড়ী নিৰ্মাণৰ বাবে আহ্বান জনাইছিল।