‘মণিপুৰৰ বিত্তীয় অৱস্থাৰ উন্নতি ঘটিছে’ -উপ মুখ্যমন্ত্ৰী জয়কুমাৰ

Joykumar-570x320

মণিপুৰৰ উপ মুখ্যমন্ত্ৰী য়ুমনাম জয়কুমাৰ সিঙে সোমবাৰে কয় যে ৰাজ্যখনৰ বিত্তীয় স্থিতি যথেষ্ট উন্নত হৈছে আৰু পৰৱৰ্তী ২০১৮-১৯ বিত্তীয় বৰ্ষত সামগ্ৰিক ঘৰুৱা উৎপাদনৰ হাৰ ১১.৯৫ শতাংশলৈ বৃদ্ধি পোৱাৰ আশা কৰা হৈছে।

সোমবাৰে আবেলি ইম্ফলৰ তেওঁৰ চৰকাৰী কাৰ্যালয়ত সাংবাদিকৰ আগত জয়কুমাৰে এনেদৰে কয়।

বিত্তমন্ত্ৰীৰ দায়িত্বত থকা উপ মুখ্যমন্ত্ৰী জয়কুমাৰে কয় যে ৰাজ্য চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে দায়বদ্ধ আৰু সেই গতিকে পৰৱৰ্তী ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটত দক্ষতা বিকাশ, গৃহনিৰ্মাণ, খোৱা পানী, বিদ্যুৎ আৰু ক্ৰীড়াৰ দৰে মূল বিষয়সমূহৰ বিকাশৰ প্ৰস্তাৱ ৰখা হৈছে।

তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে বন্ধ, অৱৰোধ আৰু অন্যান্য প্ৰতিবাদী আন্দোলনসমূহ নিৰ্মূল কৰি অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ ওপৰত দৃষ্টি দিছে যাতে আৰ্থিক বিকাশ যথেষ্ট বৃদ্ধি পায়।

চলিত বিত্তীয় বৰ্ষত প্ৰাথমিক, মাধ্যমিক আৰু নিম্নস্তৰত যথেষ্ট বিকাশ হৈছে আৰু পৰৱৰ্তী বিত্তীয় বৰ্ষত অধিক ইয়াৰ অধিক বিকাশ ঘটিব বুলিও দোহাৰে উপ মুখ্যমন্ত্ৰীগৰাকীয়ে।

জয়কুমাৰে জানিবলৈ দিয়ে যে জিএছটি প্ৰৱৰ্তনৰ পিছত কৰ সংগ্ৰহৰ পৰিমান বৃদ্ধি পাইছে আৰু ই ৰাজ্যখনৰ সামগ্ৰিক বিত্তীয় অৱস্থাৰ উন্নত কৰিব।

তেওঁ জনায় যে মূলধনী বিনিয়োগৰ পৰিমান আশাকৰা মতে বৃদ্ধি পাব কিয়নো কেন্দ্ৰীয়ভাৱে আৱন্টিত আঁচনিসমূহ ৰাজ্যখনত সফলভাৱে ৰূপায়ন হৈছে।

কৰ বিহীন সংগ্ৰহৰ পৰা লাভ কৰা ৰাজহেও আৰ্থিক বিকাশ উন্নত কৰি তোলাত বৰঙণি যোগাব বুলি তেওঁ উল্লেখ কৰে।

ৰাজ্যখনৰ ক্ৰীড়া খণ্ডত চাহিদা অনুসৰি যথেষ্ট কৰিবলগীয়া আছে উল্লেখ কৰি বিত্তমন্ত্ৰীৰো দায়িত্বত থকা জয়কুমাৰে কয় যে পৰৱৰ্তী বাজেটত ক্ৰীড়াখণ্ডত বিশেষ গুৰুত্ব দিয়া হ’ব। চাৰিখন কৃত্ৰিম ফুটবল খোলপথাৰ আৰু এখন কৃত্ৰিম হকী খোলপথাৰ গঢ়ি তোলা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

সোমবাৰে দিনৰ প্ৰথম ভাগত চলিত বিধানসভাত জয়কুমাৰে ২০১৮-১৯ বৰ্ষৰ বাবে ১৩,৭৩৩.৬২ কোটি টকাৰ বাজেট প্ৰস্তাৱ উত্থাপন কৰিছিল।