মণিপুৰৰ স্বাস্থ্য বিভাগে ম্যানমাৰৰ পৰা আমদানিকৃত খাদ্য সামগ্ৰীৰ গুণাগুণ পৰীক্ষা কৰিব

মণিপুৰৰ স্বাস্থ্যমন্ত্ৰী এল জয়েন্তকুমাৰে বুধবাৰে ইম্ফলত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ মুহূৰ্ত। ফটোঃ চভাপতি ছামম

বাহিৰৰ ৰাজ্যৰ পৰা বিশেষকৈ ম্যানমাৰৰ পৰা আমদানি কৰা খাদ্য সামগ্ৰীৰ গুণাগুণ পৰীক্ষা কৰি চোৱাৰ পৰিকল্পনা কৰিছে মণিপুৰৰ স্বাস্থ্য বিভাগে।

বুধবাৰে নিজৰ কাৰ্যালয় কক্ষত সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়  অনুষ্ঠানত এই কথা প্ৰকাশ কৰি মণিপুৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী জয়েন্তকুমাৰে কয় যে চৰকাৰে লগতে বজাৰত উপলব্ধ বিভিন্ন খাদ্য সামগ্ৰীসমূহো ইয়াৰ খাদ্য সুৰক্ষা গোটৰ জৰিয়তে পৰীক্ষা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

মন্ত্ৰীগৰাকীৰ বক্তৱ্যৰ পৰিপূৰক ভাষ্য প্ৰদান কৰি ৰাজ্যখনৰ খাদ্য বিশ্লেষক চি এইচ ছানাজাওৱায়ো জনায় যে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীসমূহ পৰীক্ষা কৰাৰ বাবে নতুন সা-সজুঁলি তথা যন্ত্ৰ ক্ৰয় কৰাৰ প্ৰক্ৰিয়া চলি আছে।

‘’আমি যদি এই মাহত প্ৰয়োজনীয় সা-সজুঁলিসমূহ ক্ৰয়ৰ বাবে আদেশ পত্ৰ দিওঁ তেতিয়াহ’লে আশা কৰো আমি এনেধৰণৰ বিদেশৰ সা-সজুঁলিসমূহৰ ভিতৰত প্ৰয়োজনীয় পৰীক্ষা মাৰ্চৰ ভিতৰত সম্পন্ন কৰিব পাৰিম,’’-তেওঁ আশা ব্যক্ত কৰে। স্বাস্থ্যমন্ত্ৰী আৰু বিষয়াসকলেও ৰাজ্যখনত সঠিক পৰীক্ষাৰ অভাৱত খাদ্য সামগ্ৰীসমূহত ক্ষতিকাৰক সামগ্ৰীৰ উপস্থিতিৰ বাতৰিৰ বিষয়ে চিন্তা ব্যক্ত কৰে।

একাংশ সংবাদ মাধ্যমৰ ব্যক্তিয়ে আনকি সন্দেহ ব্যক্ত কৰে যে আমদানিকৃত মাছসমূহত ৰাজ্যখনত প্ৰৱেশ কৰাৰ সময়লৈকে সজীৱ কৰি ৰখাৰ বাবে ফৰ্মেলিনকে ধৰি কিছুমান সংৰক্ষক ব্যৱহাৰ কৰা হয় যিবোৰে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

মণিপুৰত কৰ্কটকে ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যা আছে আৰু এইধৰণৰ খাদ্য সামগ্ৰীৰ ব্যৱহাৰে নিশ্চিতভাৱে জনসাধাৰণৰ জীৱন যাত্ৰা আৰু খাদ্যগ্ৰহণৰ ক্ষেত্ৰত শংকা বৃদ্ধি কৰিছে। জনসাধাৰণে উপভোগ কৰি থকা প্ৰতিটো খাদ্য সামগ্ৰীৰ ওপৰতে সন্দেহ কৰাটো অৱশ্যে সমীচীন নহ’ব।

চহৰখনত সৃষ্টি হোৱা জৈৱ-চিকিৎসাজনিত পেলনীয়াকে ধৰি ক্ষতিকাৰক পেলনীয়াসমূহ উন্নত ব্যৱস্থাপনাৰ বাবে কিছুমান একে শাৰীৰ বিভাগৰ সংলগ্নীকৰণৰ পৰামৰ্শ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে স্বাস্থ্য তথা খাদ্য সুৰক্ষা বিষয়ৰ সমস্যাসমূহ মোকাৱিলা কৰিবলৈ সম্ভআৱ্য সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব। মত বিনিময় অনুষ্ঠানত জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলো উপস্থিত আছিল।