মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অপসাৰণৰ দাবীত সৰ্বাত্মক বন্ধৰ আহ্বান

General strike called in manipur

মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক আদিত্য প্ৰসাদ পাণ্ডেৰ অপসাৰণৰ দাবীত ৰাজ্যজুৰি গঢ়ি উঠা প্ৰতিবাদী কাৰ্যসূচী শেহতীয়াভাৱে প্ৰৱল আৰু সৰ্বাত্মক ৰূপ ধাৰণ কৰা দেখা গৈছে। আজি মাজনিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৯ জুলাইৰ মাজনিশালৈকে ৪৮ ঘণ্টীয়া সৰ্বাত্মক বন্ধ পালনৰ কাৰ্যসূচী হাতত লোৱা হৈছে।

সোমবাৰে মণিপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ (MUSU) সভাপতি এম দয়ামানে এখন সংবাদমেলত এই কথা ঘোষণা কৰিছে।

তেওঁ মন্তব্য কৰিছে যে মণিপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই বিগত সময়চোৱাত বিভিন্ন গণতান্ত্ৰিক উপায় অৱলম্বন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই এই প্ৰতিবাদৰ প্ৰতি আওকণীয়া মনোভাৱ দেখুৱাই আহিছে।

তেওঁ কৈছে যে অধ্যাপক পাণ্ডেক অপসাৰণ নকৰা পৰ্যন্ত আৰু বিশ্ববিদ্যালয়ত সংঘটিত খেলিমেলিৰ তদন্ত কৰিবলৈ এখন উচ্চ ক্ষমতাযুক্ত তদন্ত কমিটী গঠন নকৰা পৰ্যন্ত তেওঁলোক ক্ষান্ত নহয়।

ছাত্ৰ নেতাগৰাকীয়ে আৰু কৈছে, ‘‘সৰ্বাত্মক বন্ধই যে দৈনন্দিন জনজীৱন আৰু কাম-কাজত বিৰূপ প্ৰভাৱ পেলায় সেই কথা আমি জনা হোৱা সত্তেও কৰ্তৃপক্ষই আমাৰ দাবীৰ প্ৰতি কৰ্ণপাত নকৰাৰ বাবে আমাৰ হাতত সৰ্বাত্মক বন্ধৰ কোনো বিকল্প নাছিল।’’

মণিপুৰ বিশ্ববিদ্যালয় আৰু মণিপুৰৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে ছাত্ৰ নেতাগৰাকীয়ে ৰাজ্যখনৰ আন আন সহমত পোষণকাৰী ছাত্ৰ একতা সভাসমূহৰ লগতে নাগৰিক সমাজ সংস্থাসমূহৰ পৰা আগন্তুক প্ৰতিবাদী কাৰ্যসূচীটোত তেওঁলোকৰ সমৰ্থন বিচাৰিছে।

অৱশ্যে আগন্তুক সৰ্বাত্মক বন্ধৰ প্ৰভাৱৰ পৰা ধৰ্মীয় অনুষ্ঠানকে আদি কৰি বিভিন্ন আত্যাৱশ্যকীয় সেৱাসমূহক অব্যহতি দিয়া হৈছে। সোমবাৰে মণিপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই মণিপুৰ গণতান্ত্ৰিক ছাত্ৰ মৰ্চাৰ (Desam)  এগৰাকী স্বেচ্ছাসেৱকক আৰক্ষীৰ লোকে আতিশয্য চলোৱাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। এই স্বেচ্ছাসেৱকগৰাকীয়ে মণিপুৰ বিশ্ববিদ্যালয়ৰ সাম্প্ৰতিক অচলাৱস্থাৰ অতি শীঘ্ৰেই সমাধান কৰাৰ দাবীৰ লগতে মহাবিদ্যালয়সমূহত অনুষ্ঠিত নকৰাকৈ থকা  ষান্মাসিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ ঘোষণা কৰিবলৈ দাবী জনাই ৰাজ্যিক বিজপিৰ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। উল্লেখ্য যে সোমবাৰৰ এই ঘটনাটোত ‘দিছাম শ্বিতাল ওইনাম’ৰ সাধাৰণ সম্পাদকগৰাকী গুৰুতৰভাৱে আহত হৈছিল।

ইতিমধ্যে, মণিপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থা, মণিপুৰ বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থা আৰু মণিপুৰ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ কাৰ্যবাহী সদস্যৰ এখন জৰুৰীকালীন সভাত নিৰাপত্তা বাহিনীৰ লোকে ডেছামৰ স্বেচ্ছাসেৱকক অতি বেয়াকৈ মাৰধৰ কৰাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সভাত এই ঘটনাটোৰ এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱা হয় আৰু বিশ্ববিদ্যালয়খনত এখন প্ৰতিষ্ঠানৰ প্ৰভাৱমুক্ত উচ্চ ক্ষমতাযুক্ত তদন্ত কমিটী গঠন কৰি মণিপুৰ বিশ্ববিদ্যালয়ৰ বিত্তীয় আৰু প্ৰশাসনিক খেলিমেলিৰ তদন্ত কৰোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।