NORTHEAST NOW (Assamese)

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

July 4, 2025 5:31 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মথুৰাৰ কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহ মছজিদ বিবাদৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে হিন্দু পক্ষৰ আবেদন নাকচ কৰে।

হিন্দু পক্ষই ‘শ্বাহী ইদগাহ মছজিদৰ সলনি ‘বিতৰ্কিত গাঁথনি শব্দ ব্যৱহাৰ কৰিবলৈ দাবী জনাইছিল।

কিন্তু আদালতে নাকচ কৰিছে হিন্দু পক্ষৰ এই আৱেদন।

লাইভ লৰ মতে ন্যায়াধীশ ৰাম মনোহৰ নাৰায়ণ মিশ্ৰৰ বিচাৰপীঠে মৌখিকভাৱে কয় যে এই পৰ্যায়ত এই আবেদন খাৰিজ কৰা হৈছে।উল্লেখ্য যে একাংশ হিন্দু সংগঠনে দাবী কৰিছে যে, ‘মথুৰাৰ শ্বাহী ইদগাহ মছজিদ ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থানত নিৰ্মাণ কৰা হৈছে। সেয়েহে এই মছজিদ আঁতৰাই তাত মন্দিৰ নিৰ্মাণ কৰিব লাগে’

Related News