• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মনিপুৰৰ হিংসাজৰ্জৰ কাকচ্চিঙত সান্ধ্য আইন জাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2018 10:29 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

81
VIEWS
Share on FacebookShare on Twitter

মনিপুৰৰ কাকচ্চিং চহৰৰ হিংসাত্মক ঘটনাৰ পিছত কালি ৭ঃ৩০ বজাৰপৰা সান্ধ্য আইন জাৰি কৰাৰ ফলত অঞ্চলটোৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে।

সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি কাকচ্চিঙৰ জিলা উপায়ুক্তই ১৪৪ (২) ধাৰাৰ অধীনত পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই সান্ধ্য আইন জাৰি কৰিছে।

উল্লেখযোগ্য যে দ্ৰুতবেগী এখন মাৰুতি গাড়ীয়ে স্কুটাৰ থেলি আহি থকা দুজন লোকক খুন্দিয়াই নিহত কৰাৰ পিছত কালিৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল। অৱশ্যে গাড়ীখনত থকা লোক জন/সকল নিৰাপদে ঘটনাস্থলীৰপৰা আঁতৰি যাবলৈ সক্ষম হয়।

ঘটনাটোৰ খবৰ বনজুইৰ দৰে বিয়পি পৰাৰ পিছতে স্থানীয় লোকসকলে মৃত্যুৰ বাবে জগৰীয়া লোক জন/সকলক গ্ৰেপ্তাৰ কৰাৰ দাবীত আৰক্ষী থানা ঘেৰাও কৰে।

পৰিস্থিতি উত্তেজনাপূৰ্ণ আৰু প্ৰতিবাদী আৰু আৰক্ষীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সূচনা হোৱাৰ লগে লগে প্ৰশাসনে অঞ্চলটোত সান্ধ্য আইন জাৰি কৰে। হিংসাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে কিছুসংখ্যক প্ৰতিবাদকাৰীকো গ্ৰেপ্তাৰ কৰে।

কাকচ্চিং জিলাৰ উপায়ুক্ত এন তেলিয়েনে জাৰি কৰা এক বিবৃতি অনুসৰি, ‘কিছুমান ব্যক্তিয়ে তেওঁলোকৰ উদ্দেশ্য পূৰণ কৰাৰ বাবে বেআইনী কাৰ্য্যকলাপ চলাই থকাৰ ফলত কাকচ্চিং চহৰৰ পৰিস্থিতি অশান্ত হৈ থকা বুলি আৰক্ষীৰপৰা এটা প্ৰতিবেদন পোৱা হৈছে। এনে অশান্ত পৰিস্থিতিয়ে শান্তি ভংগ কৰিব আৰু ৰাজহুৱা শান্তিৰ প্ৰতি ভাবুকি আনিব আৰু ফলত মানুহৰ জীৱন আৰু সম্পত্তি বিপদাপন্ন হ’ব।’

খবৰ অনুসৰি সমগ্ৰ কাকচ্চিং জিলাতে নিৰাপত্তা ব্যৱস্থা বঢ়াই তোলা হৈছে।

Recent News

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd