NORTHEAST NOW (Assamese)

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

December 9, 2017 2:09 pm · কল্পজ্যোতি শইকীয়া
Updated: December 9, 2017 2:40 pm

অসম চৰকাৰৰ স্বাস্থ্য, শিক্ষা আৰু বিত্ত বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ লৈ থকা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগত আৰক্ষীয়ে যোৱা ৬ তাৰিখে দুজনক গ্ৰেপ্তাৰ কৰে। অভিযু্ক্ত দুজনৰ নাম হ’ল ফখৰুদ্দিন আলী আৰু পৱন আলী। অভিযুক্ত দুয়োজন জি এম চি এইচ্ছত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু তেওঁলোকৰ ঘৰ হাজো অঞ্চলত বুলি জানিব পৰা গৈছে। হাজো থানাত ৯০৯/১৭  নম্বৰৰ ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৩০৩/৫০৭/৩৪ ধাৰাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

উল্লেখযোগ্য যে অভিযুক্ত ফখৰুদ্দিন আলীৰ ম’বাইল নম্বৰ ৯৬১৩১৪৩৮৭৮ ৰ পৰা হিমন্ত বিশ্বক হত্যাৰ বাবে ৫ কোটি টকা বিচাৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা আৰু হাজো সমষ্টিৰ কংগ্ৰেছী নেতা দুলু আহমেদলৈ বাৰ্তা যোৱা বুলি গম পোৱা গৈছে। সূত্ৰটোৱে কোৱা মতে বাৰ্তাটোৰ কথা অংশ হ’ল, ‘এইচ বি এছক উৰুৱাই দিয়াৰ বাবে যোগাৰটো আৰু ৫ কোটি সোনকালে দিয়ক।’ উল্লেখযোগ্য যে এই দুজনক কংগ্ৰেছ কৰ্মী হিচাপে চিনি পায় বুলি ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়। আনহাতে এই বাৰ্তা পোৱাৰ পিছত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে যোৱা ৩ ডিচেম্বৰত আৰক্ষীৰ সঞ্চালক প্ৰধান মুকেশ সহাইক ফোন যোগে এই এছ এম এছটো লাভ কৰাৰ কথা অৱগত কৰিছিল। বিষয়টো অৱগত হোৱাৰ পিছতে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গোপনে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছিল বুলি জনা যায়। কালিহে ইয়াৰ বিষয়ে সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰ হয়।

আনহাতে ঘটনাটোৰ সত্যতা এতিয়াও নিশ্চিত হ’বলৈ বাকী বুলি আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যদিও বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। বিশেষকৈ সংবাদ মাধ্যম তথা ছ’চিয়েল মেডিয়াত এই বিষয়টো ব্যাপক চৰ্চা হৈছে। বাৰ্তাটোক কেন্দ্ৰ কৰি ৰাজ্যিক বিজেপিতো প্ৰতিক্ৰিয়া দেখা গৈছে। কালি হাজো বিজেপি যুৱ মৰ্চাই দুলু আহমেদৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে প্ৰসংগটোত নিজৰ মত প্ৰকাশ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয় যে তেওঁ নিজে ম’বাইলৰ মেছেজ নাচায়, তেওঁ ব্যক্তিগত সচিবে চায়।

Related News