মন্ত্ৰী পৰিষদৰ চাৰিজনকৈ মন্ত্ৰীক বৰ্খাস্ত কৰিলে টি আৰ জেলিয়াঙে

নিৰ্বাচনৰ তেনেই সন্মুখত থকা নাগালেণ্ড ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ মোৰ দি আজি মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে তেওঁৰ কেবিনেটৰ চাৰিজনকৈ মন্ত্ৰীক বৰ্খাস্ত কৰে। বৰ্খাস্তৰ সন্মুখীন হোৱা চাৰিজন মন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা লোকসভাৰ সাংসদ এম পি নেইফিউ ৰিঅ’ৰ সৈতে লগ লাগে মুখ্য মন্ত্ৰী জেলিয়াঙক ওফৰাবলৈ চেষ্টা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ অনা হৈছে। অভিযোগ মতে তেওঁলোক চাৰিজন যোৱা বুধবাৰে (১৩ ডিচেম্বৰ) ক’হিমাৰ এখন হোটেলত ৰিঅ’ৰ সৈতে লগ হৈছিল। আনহাতে সভাখনত উপস্থিত থকা আন সাতজন বিধায়কে মুখ্য মন্ত্ৰীয়ে তেওঁলোকক বৰ্খাস্ত কৰাটোক ‘সঠিক সময়ত লোৱা সঠিক সিদ্ধান্ত’ বুলি অভিহিত কৰিছে। কালি সন্ধিয়া জাৰি কৰা এখন জাননীত মুখ্য সচিব পংকজ কুমাৰে কয় যে টি আৰ জেলিয়াং নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ পৰা চাৰিজন মন্ত্ৰীক বাদ দিয়াৰ মুখ্য মন্ত্ৰীৰ সিদ্ধান্তত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নাগালেণ্ডৰ ৰাজ্যপালে অনুমোদন জনাইছে। বৰ্খাস্তৰ সন্মুখী হোৱা মন্ত্ৰীকেইজন হ’ল টকেহো য়েপথ’মি, ৱাই পেট্টন, ড০ নিকি কিৰে আৰু নেইবা ক্ৰনু। সূত্ৰটোৰ মতে যোৱা বুধবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী ৰিঅ’ই ১৮জন বিধায়কক লগত লৈ হোটেল ডি অৰিয়েণ্টেলত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল। এই ৰুদ্ধদ্বাৰ বৈঠকখন জেলিয়াং চৰকাৰক ওফৰাবলৈ পৰিকল্পনাৰ অংশ বুলি অভিযোগ উঠিছিল। বৈঠক অনুষ্ঠিত কৰা হোটেলখনৰ গৰাকী হ’ল এন পি এফৰ সভাপতি ড০ শ্বুৰহোজেলী লেইজেইষ্টুৰ।

আনহাতে উপস্থিত থকা বিধায়কসকলৰ মাজৰে সাতজন বিধায়কে এক লিখিত বিৱৰণিত কয় যে তেওঁলোকক হোটেলখনত এন পি এফৰ ড০ শ্বুৰহোজেলী লেইজেইষ্টুে এখন সভা আয়োজন কৰা বুলি কোৱা হৈছিল আৰু যেনেতেনে উপস্থিত থাকিবলৈ কোৱা হৈছিল। তেওঁলোকে সেই বিশ্বাসতে সভাখনলৈ গৈছিল আৰু কিন্তু তেওঁলোক আচৰিত হয় তেতিয়া, যেতিয়া তেওঁলোক প্ৰৱেশ কৰাৰ পিছত হোটেলৰ গেইটত তলা মাৰি দিয়া হয় আৰু তেওঁলোকৰ গাড়ীৰ চাবি লৈ লোৱা হয়। আনহাতে কেইঘণ্টামানৰ পিছত তেওঁলোকে গম পায় যে ড০ শ্বুৰহোজেলী তাত উপস্থিত হোৱাৰ কথা নাই। তেওঁলোকৰ এইটোও অৱগত হয় যে গোটেই খেলটো ৰাজ্যসভাৰ সাংসদ কে জি কেনেই আৰু কেইজনমান জ্যেষ্ঠ সদস্যৰ দ্বাৰা খেলা হৈছে। অলপ পিছতে প্ৰায় ৪ বজাত কেনেই আৰু তাৰ পিছে পিছে ৰিঅ’ আহি উপস্থিত হৈছিল। কেনেই উপস্থিতসকলক জনায় যে আগনিশা তেওঁলোক দুয়োজন সাংসদে ড০ শ্বুৰহোজেলীৰ সৈতে কথা হৈছে। কিন্তু তেওঁলোক এই ক্ষেত্ৰত সন্দেহী হয় আৰু এয়া যে জেলিয়াং আৰু শ্বুৰহোজেলীৰ মাজৰ সম্পৰ্ক বেয়া কৰিবলৈ কৰা এক ষড়ড়ন্ত্ৰ তেওঁলোকে বুজি উঠে। লিখিত বিৱৰণত বিধায়ক সাতজনে এইদৰে কয়। এইদৰে নিজৰ স্থিতি প্ৰকাশ কৰা বিধায়ক সাতজন হ’ল পুখায়ি চুমি, ইশাক হেছাম, নামৰি চাং, লংগ্ৰিনিকেন, দেও নুখু, পহৱাং কন্যাক আৰু ড০ বেনজংলিবা এয়াৰ। উল্লেখযোগ্য যে আটাইকেইজনে মন্ত্ৰীকেইজনক বৰ্খাস্ত কৰা কাৰ্য্যক সমৰ্থন কৰাৰ লগতে এয়া সময়োপযোগী পদক্ষেপ বুলি কৈছে।