NORTHEAST NOW (Assamese)

মন-শৰীৰ পৰিষ্কাৰ কৰি ৰাখিলে এখন আদৰ্শ সমাজ প্ৰতিষ্ঠা কৰিব পাৰি : কেন্দ্ৰীয় যোগ দিৱসত মুখ্য মন্ত্ৰী সোণোৱাল

June 21, 2018 7:40 pm · মিণ্টু দাস
Updated: June 21, 2018 7:45 pm

”মানৱ সমাজৰ উন্নয়ণৰ বাবে কাম কৰিবলৈ হ’লে সুস্থ স্বাস্থ্য, সুস্থ মনৰ অধিকাৰী হ’ব লাগিব। ইয়াৰ বাবেই আমাৰ জীৱনত যোগৰ আৱশ্যকতা আছে।”- এই মন্তব্য অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অসম চৰকাৰে কেন্দ্ৰীয়ভাবে আয়োজন কৰা চতুৰ্থ সংখ্যক আন্তৰ্জাতিক যোগ দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ভাৰতৰ মহান মনিষীসকলে যোগ ধৰ্ম পালন কৰিয়েই বিশ্বৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰি আহিছে। যোগে মানৱীয় প্ৰমূল্যবোধৰ জ্ঞান দান কৰি আহিছে। এই আদৰ্শৰ ভিত্তিতে আজি আমি একবিংশ শতিকাত সগৌৰৱে পদাৰ্পন কৰিবলৈ সক্ষম হৈছো।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘দেশৰ আদৰ্শবাদী নেতা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি প্ৰস্তাৱ ৰাষ্ট্ৰ সংঘত উত্থাপন কৰিছিল, সেই প্ৰস্তাৱৰ প্ৰতি সন্মতি জনাই ৰাষ্ট্ৰসংঘৰ অনুমোদন ক্ৰমে আন্তৰ্জাতিক যোগ দিৱস সমগ্ৰ বিশ্বতে পালন কৰা হৈছে। আজিৰ দিনটো কেৱল অসম তথা ভাৰতবৰ্ষৰ বাবেই নহয়, বিশ্বৰ বাবেও গুৰুত্বপূৰ্ণ দিন’।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে মৰম-চেনেহ, ভাতৃত্ববোধৰে ভাল মনৰ অধিকাৰী হ’ব লাগিব। তেতিয়াহে এক সুস্থ পৰিৱেশ সৃষ্টি হ’ব। এইদৰে আমি মন-শৰীৰ পৰিস্কাৰ কৰি এখন আদৰ্শ সমাজ গঢ়িব লাগিব।

আমি প্ৰত্যেকেই আমাৰ সমাজৰ পৰা কু-সংস্কাৰ দূৰ কৰিব লাগিব। তেতিয়াহে নৱ প্ৰজন্মক ভাল পথেৰে আগুৱাই নিব পৰা যাব বুলি উল্লেখ কৰে।

আনহাতে সোণোৱালে উঠি অহা প্ৰজন্মক অসমৰ জাতীয় কৃষ্টি-সংস্কৃতি, ৰীতি-নীতি আৰু সামাজিক-সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ বাবে আহ্বান জনায়।

আনহাতে এই অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত প্ৰাচীন ভাৰতীয় যোগাভ্যাস সমগ্ৰ বিশ্বত প্ৰসাৰতা লাভ কৰিছে। এয়া আমাৰ বাবে গৌৰৱৰ কথা, আমাৰ পূৰ্ব পুৰুষৰ আদৰ্শ। এই আদৰ্শক শক্তিশালীভাৱে ধৰি ৰাখিব পাৰিলে, আমাৰ সমাজ সমৃদ্ধিশালী হ’ব।

অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় – ‘যোগৰ অভ্যাস পাঁচ হাজাৰ বছৰ পুৰণি। যোগৰ জৰিয়তে শৰীৰ আৰু আত্মাৰ, আত্মা আৰু পৰমাত্মাৰ মিলন হয়। ইয়ে মানুহৰ মন, অন্তৰ, স্বভাৱ, ব্যৱহাৰ আদিৰ পৰিবৰ্তন আনিব পাৰে। যোগ আৰু প্ৰাণায়ামৰ অভ্যাসে বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে। ই মানুহক নিৰোগী কৰি ৰাখে।

প্ৰায় আঠ সহস্ৰাধিক ৰাইজ উপস্থিত থকা এই অনুষ্ঠানত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক ক্ৰমে ৰূপক শৰ্মা, আঙুৰলতা ডেকা, ডিম্বেশ্বৰ দাস, উৎপল দত্ত, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা, নগাঁৱৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি আদিকে ধৰি বহু শীৰ্ষ পৰ্যায়ৰ বিষয়া-কৰ্মচাৰী তথা বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে।

Related News