মমতাই অসমৰ এন আৰ চিৰ পৰা বাদ পৰাসকলক দাৰ্জিলিঙত সংস্থাপিত কৰিব খুজিছে : বিমল গুৰুং

Bimal-Gurung

গোৰ্খা জনমুক্তি মৰ্চাৰ সভাপতি বিমল গুৰুং। ফাইল ফটো।

দাৰ্জিলিঙকে ধৰি উত্তৰ বংগৰ একাংশক সামৰি সুকীয়া গোৰ্খালেণ্ড দাবী কৰি থকা গোৰ্খা জনমুক্তি মৰ্চাৰ আত্মগোপনকাৰী নেতা বিমল গুৰুঙে এই বুলি অভিযোগ কৰিছে যে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমত এন আৰ চিৰ পৰা বাদ পৰিব পৰা বাঙালীসকলক দাৰ্জিলিঙৰ পাহাৰীয়া এলেকাত সংস্থাপনৰ প্ৰস্তুতি চলাইছে।

নেতাজনে এই অভিযোগৰ আঁৰত তেওঁ পোৱা এটা বিশ্বাসযোগ্য খবৰ থকা বুলি দাবী কৰে। এটা বিবৃতিত নেতাজনে কয় যে দাৰ্জিলিঙৰ পাহাৰীয়া অঞ্চলবোৰত মমতাৰ চৰকাৰে গোপনে ভূমিৰ জৰীপ কৰোৱা বুলি তেওঁ গম পাইছে।

তেওঁ দাবী কৰে যে এই ভূমি জৰীপ অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) পৰা বাদ পৰা অবৈধ বাংলাদেশীক সংস্থাপনৰ বাবেই কৰা হৈছে।

তেওঁ কয় যে দাৰ্জিলিঙে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰিছে। এই অঞ্চলটো অতি স্পৰ্শকাতৰ আৰু মমতা চৰকাৰে যদি অবৈধ বাংলাদেশীক ইয়াত সংস্থাপন কৰে তেন্তে ইয়াত ভাৰত বিৰোধী শক্তিয়ে মূৰ দাঙি উঠিব পাৰে।

গুৰুঙে লগতে নিজৰ ৰাষ্ট্ৰপ্ৰেম প্ৰকাশ কৰিবলৈ গৈ এই বুলি দাবী কৰে যে তেওঁ ৰাজ্যখনৰ কোনো শক্তিকে ৰাষ্ট্ৰীয় নিৰাপত্তা ক্ষতি কৰিবলৈ নিদিয়ে।

তেওঁ অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোক লৈ সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ বাবে উদ্বেগ প্ৰকাশ কৰে।

উল্লেখযোগ্য যে দাৰ্জিলিঙক সুকীয়া গোৰ্খা ৰাজ্যৰূপে স্বীকৃতি দিয়াৰ দাবীত হিংসাত্মক আন্দোলন কৰাৰ পাছত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাত তেওঁ পলাই থাকিব লগীয়া হৈছে।