NORTHEAST NOW (Assamese)

মমতাক ধন্যবাদ দিলে তপোধীৰ ভট্টাচাৰ্য্যই; চূড়ান্ত খচৰাক লৈ পুনৰ বিতৰ্কিত মন্তব্য বুদ্ধিজীৱীজনৰ

August 1, 2018 11:35 am · এন ই নাও নিউজ
Updated: August 1, 2018 11:37 am

অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক বাঙালী বিদ্বেষৰ ৰূপ দিব খোজা অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তপোধীৰ ভট্টাচাৰ্যই পুনৰ বিতৰ্কিত মন্তব্য কৰিছে এন আৰ চিক লৈ।

৩০ জুলাইত চূড়ান্ত খচৰা প্ৰকাশৰ পাছত কলকাতাৰ পৰা প্ৰকাশিত ‘আজকাল’ নামৰ কাকতখনত ভট্টাচাৰ্যই এন আৰ চিক একাংশ মানুহক ৰাষ্ট্ৰহীন কৰাৰ চক্ৰান্ত  বুলি অভিহিত কৰিছে। তেওঁ এন আৰ চিৰ খচৰাৰ পৰা বাঙালীসকলক ষড়যন্ত্ৰমূলকভাৱে আৰু ইচ্ছাপূৰ্বক বাদ দিয়াৰ অভিযোগ আনি আপত্তিজনক মন্তব্যৰে কয়, “আমি ৰোহিংহা নে ইহুদি?” তেওঁ বাঙালী মানেই অস্পৃশ্য হৈ পৰিছে বুলিও মন্তব্য কৰে।

“বাঙালী ভাষা কোৱাটো কি অপৰাধ নেকি?” এইবুলি প্ৰশ্ন কৰিছে বুদ্ধিজীৱীজনে।

তেওঁ অসত্য তথ্য দাঙি ধৰি এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত ৰাজ্যত ৰুদ্ধশ্বাস পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি কাকতখনক জানিবলৈ দিছে। তেওঁৰ মতে শিলচৰ চহৰকে ধৰি বৰাক উপত্যকাৰ বিভিন্ন এলেকাত মানুহ শংকিত হৈ পৰিছে।

আনহাতে তপোধীৰ ভট্টাচাৰ্য্যই মমতা বেনাৰ্জীক সমৰ্থন কৰি কয় যে দিদিয়ে স্পষ্ট বক্তব্য ৰাখিছে আৰু তেওঁ ধন্যবাদৰ পাত্ৰ।

উল্লেখযোগ্য যে তপোধীৰ ভট্টাচাৰ্যৰ পৰিয়ালৰ কেইবাজনো লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নহ’ল বুলি জানিব পৰা গৈছে।

মন কৰিব লগীয়া যে শিলচৰস্থিত বাঙালী বুদ্ধিজীৱীজনৰ বিৰুদ্ধে পূৰ্বেও এন আৰ চি সন্দৰ্ভত অপপ্ৰচাৰ চলোৱা আৰু উচটনিমূলক তথা জাতিগত বিদ্বেষ বিয়পাব পৰা মন্তব্য দিয়াৰ অভিযোগত দিচপুৰ থানাত গোচৰ ৰুজু হৈছিল।

Related News