মমতা বেনাৰ্জীৰ বিতৰ্কিত মন্তব্যক লৈ সদৌ অসম উন্নয়ন পৰিষদ মহানগৰ সমিতিৰ প্ৰতিবাদ

মহানগৰ সমিতিৰপ্ৰতিবাদ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰাৰ সন্দৰ্ভত পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি সদৌ অসম উন্নয়ন পৰিষদৰ মহানগৰ শাখায়ো তৃণমূল কংগ্ৰেছৰ নেত্ৰী গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

আজি আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবৰ সমীপত সংগঠনটোৰ কেইজনমান সদস্যই কিছুসময় পথ অবৰোধ কৰি তথা মমতা বেনাৰ্জীৰ জুমুঠি দাহ কৰি এই প্ৰতিবাদী কাৰ্য্যসূচী সাব্যস্ত কৰে। সংগঠনটোৱে ‘মমতা বেনাৰ্জী গ’ বেক’, ‘মমতা বেনাৰ্জী হুচিয়াৰ’ মমতা বেনাৰ্জী মুৰ্দাবাদ ইত্যাদি ধ্বনিৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা যায়।

উল্লেখযোগ্য যে এন আৰ চি ৰ প্ৰথম খন খচৰা প্ৰকাশ পোৱাৰ তিনিদিন পিছতে বিৰভোম জিলাৰ অমদপুৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত এন আৰ চি প্ৰক্ৰিয়াক অসমৰ পৰা বঙালি লোকসকলক বহিস্কাৰ কৰাৰ এক ষড়যন্ত্ৰ বুলি অভিযোগ কৰে। অসমত বাস কৰি অহা বঙালি লোকসকলৰ ওপৰত এন আৰ চিৰ নামত অত্যাচাৰ হ’লে ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি উল্লেখ কৰি তেওঁ বি জে পি চৰকাৰক ‘জুইৰ সৈতে খেলা নকৰিবলে’ সকিয়াই দিয়ে। ইয়াৰ পিছতে এই মন্তব্যক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে বিভিন্ন দল-সংগঠনে মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাটো পৰিলক্ষিত হয়।

সেয়েহে আজি সংগঠনটোৰ নেতৃবৃন্দই ভবিষ্যতে অসমক লৈ তেনে বিৰূপ মন্তব্য নকৰিবলৈ মমতা বেনাৰ্জীক সকিয়নী প্ৰদান কৰাৰ লগতে । সংগঠনটোৰ মহানগৰ জিলা সমিতিৰ সভাপতি নোমল বৰাই মমতা বেনাৰ্জীৰ বিৰুদ্ধে দিচপুৰ থানাত এক গোচৰ ৰুজো কৰা হ’ব বুলি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰে। আনহাতে নোমল বৰাই পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়।