NORTHEAST NOW (Assamese)

মমিতা দেৱবাৰ্মাৰ শিৰত ফেমিনা মিছ ইণ্ডিয়া ত্ৰিপুৰাৰ খিতাপ

March 19, 2018 11:59 am · এন ই নাও নিউজ

টাইমছ গ্ৰুপে অনুষ্ঠিত কৰা সৌন্দৰ্য প্ৰতিযোগিতাত ত্ৰিপুৰালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মমিতা দেৱবাৰ্মাই।

উল্লেখযোগ্য যে মমিতাই যোৱা ১৮ মাৰ্চত কলকাতাত অনুষ্ঠিত উক্ত সন্মানীয় সৌন্দৰ্য প্ৰতিযোগিতাখনত ত্ৰিপুৰাক প্ৰতিনিধিত্ব কৰি এফবিবি কালাৰছ ফেমিনা মিছ ইণ্ডিয়া ত্ৰিপুৰা ২০১৮ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে ইয়াৰ সুবাদতে মমিতাই ফেমিনা মিছ ইণ্ডিয়া ২০১৮ৰ প্ৰতিযোগিতাত ত্ৰিপুৰাক প্ৰতিনিধিত্ব কৰিব।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বিগত বৰ্ষত উক্ত প্ৰতিযোগিতাখনত উত্তৰ-পূবৰ তিনিগৰাকী প্ৰতিযোগীয়ে ছেমি ফাইনেলত উপনীত হ’বলৈ সক্ষম হৈছিল। তেওঁলোক হ’ল ক্ৰমে অসমৰ ত্ৰিবেণী বৰ্মন, মিজোৰামৰ ৰুডি এইচ ভি আৰু অৰুণাচল প্ৰদেশৰ লিচা থৌচম ।
জানিব পৰা মতে ফেমিনা মিছ ইণ্ডিয়া ২০১৮ৰ মূল প্ৰতিযোগিতাখন অহা মে’ মাহত অনুষ্ঠিত হ’ব। আনহাতে প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনালে চলিত বৰ্ষৰ জুন মাহত মুম্বাইত অনুষ্ঠিত হ’ব।
এই সন্মানীয় প্ৰতিযোগিতাখনৰ অৰ্থাৎ এফবিবি কালাৰছ ফেমিনা মিছ ইণ্ডিয়া ত্ৰিপুৰা ২০১৮ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱা মমিতা দেৱৱাৰ্মাক বিভিন্ন দল-সংগঠনে জনাইছে অভিনন্দন।

Related News