মম ৰপ্তানিৰ বাবে বাংলাদেশৰ কোম্পানীৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিলে এন আৰ এলে
নুমলীগড় ৰিফাইনেৰী লিমিটেডে বাংলাদেশৰ এমবিটি ট্ৰেড ইন্টাৰনেশ্যনেলৰ সৈতে এনআৰএলৰ পৰা বাংলাদেশলৈ সম্পূৰ্ণ পৰিশোধিত মমবাতিৰ মম যোগানৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।
বুজাবুজিৰ চুক্তি অনুসৰি নুমলীগড়ত থকা মম প্ৰকল্পৰ পৰা বাংলাদেশৰ বুৰিমাৰিলৈকে প্ৰতিমাহে ১০০-১৫০ মেট্ৰিক টন মমবাতিৰ মম যোগান ধৰা হ’ব। চুক্তি অনুসৰি এবছৰৰ বাবে এই ৰপ্তানি চলিব। নুমলীগড় ৰিফাইনেৰীয়ে প্ৰকাশ কৰা এক বিবৃতিত এইদৰে কোৱা হৈছে।
বুজাবুজিৰ চুক্তিখন যোৱা ১৯ মাৰ্চত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ মহা প্ৰৱন্ধক( বিপণন ) সুব্ৰত দাস আৰু এমবিটি ট্ৰেড ইন্টাৰনেশ্যনেলৰ স্বত্ত্বাধিকাৰী এবিএম মুস্তাক হুছেইনৰ মাজত স্বাক্ষৰিত হয়।
এন আৰ এলৰ মম এছিয়া, আফ্ৰিকা, আমেৰিকা আৰু ইউৰোপকে ধৰি বিশ্বৰ ২৫ খন দেশত ৰপ্তানি হয়।
নুমলীগড় ৰিফাইনেৰীৰ মম প্ৰকল্পটো এটা বৃহৎ উদ্যোগ আৰু ই উৎপাদন কৰা মমৰ দেশৰ লগতে দেশৰ বাহিৰতো প্ৰচুৰ চাহিদা আছে।