মহানগৰীত আলফা (স্বা)ৰ লিংকমেন আটক; ৪ লাখ ৪৮ হাজাৰ টকা জব্দ

ULFA LINKMAN at Ghy

মহানগৰীৰ গড়চুকত আৰক্ষীয়ে আজি অভিযান চলাই আলফা (স্বা)ৰ লিংকমেন হিচাপে কাম কৰি থকাৰ সন্দেহত এজন লোকক কৰায়ত্ব কৰে। ধৃত লোকজনক নলবাৰী জিলাৰ আৰিকুচিৰ বনজিৎ দাস(২৮) বুলি চিনাক্ত কৰা হৈছে।

এক বিশেষ সূত্ৰৰ পম খেদি গড়চুকত থকা জনচনচ কোম্পেনীৰ গুডামত কৰ্মৰত অৱস্থাত বনজিতক আৰক্ষীয়ে আটক কৰে। পৰবৰ্তী সময়ত তেওঁৰ আৰিকুচিৰ ঘৰত আৰক্ষীয়ে তালাচী চলাই ৪ লাখ ৪৮ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়।

গড়চুক থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জনোৱা মতে ২০১৬ চনতে ৰুজু কৰা ৪০৭/১৬ নম্বৰৰ গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলাইছিল। ধৃত যুৱকজন আলফা(স্বা)ৰ হৈ বিভিন্নজন লোকৰ পৰা ধন দাবীত জড়িত আছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।

সম্প্ৰতি যুৱকজনক জেৰা অব্যাহত ৰখা বুলি আৰক্ষী সুত্ৰই জানিবলৈ দিয়ে।