মহানগৰীত চাইকেলৰ সমদলেৰে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কংগ্ৰেছৰ

29-05-18 Guwahati- Congress bicycle rally

গুৱাহাটীত এক চাইকেল সমদলেৰে অসমৰ লগতে দেশজুৰি হোৱা পে’ট্ৰল-ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ আজি ২৯ মে’ত প্ৰতিবাদ কৰে অসম প্ৰদেশ কংগ্ৰেছে ( APCC )।

সভাপতি ৰিপুন বৰাৰ নেতৃত্বত ওলোৱা প্ৰতিবাদী কংগ্ৰেছী বিষয়ববীয়া, কৰ্মীসকলৰ সমদলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও এখন চাইকেলত কিছুসময় উঠি এই শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰাৰ লগতে মোদী চৰকাৰৰ দিনত পে’ট্ৰল-ডিজেলৰ মূল্য আকাশলংঘী হোৱাৰ বাবে মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

‘মোদীক প্ৰধান মন্ত্ৰী পাতিলে পে’ট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল’ বুলি গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰি লগতে কয় যে সেইবোৰ বিজেপিৰ অপপ্ৰচাৰ আছিল আৰু এতিয়া সকলোবোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দিনক-দিনে বৃদ্ধিহে কৰিছে।

ৰিপুন বৰাই সংবাদ মাধ্যমক কয় ‘মোদী চৰকাৰৰ বিৰুদ্ধে ৰাইজ জাগিছে আৰু অধিক জাগিব। আজি ৰেলীত শতাধিক কংগ্ৰেছ কৰ্মীৰ যোগদানেই এই কথা প্ৰমাণ কৰিছে।’

আনহাতে ‘মোদী চৰকাৰক খেদিব লাগে আৰু দেশ বচাব লাগে’ বুলি মন্তব্য কৰিলে প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে।

প্ৰতিবাদকাৰীসকলে গুৱাহাটীৰ এবিচিস্থিত ৰাজীৱ ভৱনৰ পৰা আৰম্ভ কৰি গণেশগুৰি হৈ পুনৰ ৰাজীৱ ভৱনলৈকে চাইকেলেৰে সমদল কৰে।

প্ৰতিবাদত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, শৰৎ বৰকটকী, অকণ বৰা, প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছীয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে অহা ৬ জুনত ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত ধৰ্ণা দি ৰাজ্যপাল আৰু ভাৰতৰ উপ-ৰাষ্ট্ৰপতিলৈ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰিব কংগ্ৰেছে।

ইয়াৰোপৰি ৯ জুনত ৰাজ্যৰ ২৭২টা ব্লক কংগ্ৰেছ সমিতিয়ে মূল্যবৃদ্ধিৰ প্ৰতিবাদত চাইকেল সমদল উলিয়াব।