মহানগৰীত বনৰীয়া হাতীৰ ‘মৰ্নিং ৱাক’ : সংগ দিলে বনকৰ্মী আৰু বহুতো নাগৰিকে

ElephantMorningWalk

আজি পুৱাই মহানগৰীৰ ৰাজপথৰ মাজেৰে এটা প্ৰকাণ্ড বনৰীয়া দঁতাল হাতীয়ে ভালকৈ এপাক মাৰি যায়। ঘটনাটোৱে বহুতকে আমোদ দিয়াৰ লগতে আন বহুতকে আতংকিত কৰিও তোলে।

বনকৰ্মীৰ সূত্ৰই কোৱা মতে, প্ৰকাণ্ড বনৰীয়া হাতীটো পাঞ্জাবাৰীৰ দিশৰ পৰা আহি ঘোঁৰামাৰা- ভেটাপাৰা- লখৰাৰ দিশত আগুৱাই যায়।

পুৱাই হাতীটোৰ গজগম্ভীৰ খোজেৰে ‘মৰ্নিং ৱাক’ দেখা পাই বহু সংখ্যক যুৱকে উৎসাহেৰে সংগ দিয়ে হাতীৰ পিছে পিছে অহা বনকৰ্মীকেইজনক। জনাৰণ্যত প্ৰৱেশ কৰি দিশহাৰা হৈ পৰা হাতীটোক দুজন বনকৰ্মীয়ে পুনৰ হাবিলৈ নিয়াৰ আপ্ৰাণ চেষ্টা কৰি যোৱা দেখা গ’ল।

আনহাতে উৎসাহী মহানগৰবাসী যুৱকসকলক হাতীটোৰ ফটো তোলা, ভিডিঅ’ কৰাত ব্যস্ত থকাৰ লগতে বনকৰ্মীকেইজনক সহায় কৰাও দেখা গ’ল।

ৰাজ্যত হাতী-মানুহৰ সংঘাত ক্ৰমে বৃদ্ধি পোৱাৰ ফলত সততে বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰে যদিও মহানগৰীৰ মাজ মজিয়াৰে এইদৰে হাতী পাৰ হৈ যোৱাটো নতুন কথা।