NORTHEAST NOW (Assamese)

মহানগৰীৰ ফাঁচিবজাৰৰ মাজ-মজিয়াত অগ্নিকাণ্ড

December 12, 2017 10:05 am · এন ই নাও নিউজ

মহানগৰীৰ ফাঁচিবজাৰস্থিত ৰিভাৰ ভিউ হোটেলত পুৱা ৮ মান বজাত সংঘটিত হৈছে এক অগ্নিকাণ্ড। জানিবপৰা মতে ফাঁচিবজাৰ এছ এছ ৰ ৰোডত অৱস্থিত ৰিভাৰ ভিউ হোটেলত হোৱা এই অগ্নিকাণ্ডত বৰ্তমান সময়লৈকে কোনো লোক হতাহত হোৱা নাই। উৰ্বশী চিনেমা হলৰ সমীপৰ উনফেৰ বজাৰত অৱস্থিত এই হোটেলখনত কিহৰ বাবে জুইৰ সুত্ৰপাত হ’ল এই কথা বৰ্তমান সময়লৈকে নিশ্চিত হ’ব পৰা নাই আৰক্ষী। স্থানীয় লোকে চিলিণ্ডাৰ বিস্ফোৰণ নাইবা শ্বৰ্ট চাৰ্কিটৰ ফলতে এই  অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমান সমগ্ৰ অঞ্চলটো ক’লা ধোঁৱাই আগুৰি ধৰাটো পৰিলক্ষিত হৈছে। অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া স্বত্বেও পলমকৈ উপস্থিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। বৰ্তমান সময়তো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুওৱাৰ অহৰহ প্ৰচেষ্টা চলাই আছে যদিও বাতৰি সংগ্ৰহৰ সময়লৈকে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জুইৰ সুত্ৰপাত কিদৰে হ’ল সেই বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ।  এই অগ্নিকাণ্ডৰ ফলত সমগ্ৰ ফাঁচিবজাৰ অঞ্চলতে চাঞ্চল্যকৰ পৰিবেশে বিৰাজ কৰাটো পৰিলক্ষিত হৈছে।

Related News