NORTHEAST NOW (Assamese)

মহানগৰীৰ সত্যনাথ বৰা প্ৰেক্ষাগহত আজি অগপ দলৰ নাগৰিক সভা

December 21, 2017 9:48 am · এন ই নাও নিউজ

নাগৰিকত্ব সংশোধনী বিধেয়কে ঐতিহাসিক  অসম চুক্তিক উলংঘা কৰি অসমীয়াৰ অস্তিত্ব বিপদাপন্ন কৰিবলৈ চেষ্টা চলোৱা  প্ৰসংগক লৈ আজি অগপ দলে মহানগৰীৰ সত্যনাথ বৰা প্ৰেক্ষাগৃহত এখনি নাগৰিক সভাৰ আয়োজন কৰিছে। এই নাগৰিক সভাত ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি, শিক্ষাবিদ, অসম আন্দোলনৰ লগত জড়িত দল-সংগঠনৰ নেতৃবৃন্দ আৰু বিশিষ্ট নাগৰিক সকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

অগপ দলৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই এক প্ৰেছ বিবৃত্তি যোগে জানিবলৈ দিয়া মতে নাগৰিকত্ব সংশোধনী বিধেয়কে অসমৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিব। ইয়াৰ উপৰি তেওঁ উল্লেখ কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ প্ৰক্ৰিয়া অপ্ৰাসংগিক কৰাৰ লগতে অসমৰ ভাষা সংস্কৃতিৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িয়াই আনিব। তদুপৰি অসম গণ পৰিষদ দলে অসমীয়াৰ স্বাৰ্থৰ পৰিপন্থী এনে বিধেয়কৰ ক্ষেত্ৰত আপোচবিহীন স্থিতি অব্যাহত ৰাখিব আৰু ৰাজ্যৰ জনসাধাৰণৰ পৰামৰ্শ-সহযোগিতাৰে আগবাঢ়ি যাব বুলি তেওঁ প্ৰেছ বিবৃত্তিত উল্লেখ কৰে।

অৱশ্যে আজি অসম গণ পৰিষদৰ এটা দল কেন্দ্ৰীয় চৰকাৰৰ বিষয়-ববীয়াৰ সৈতে এক আলোচনাত মিলিত হ’বলৈ দিল্লী অভিমুখে ৰাওনা হ’ব বুলি জানিব পৰা গৈছে। প্ৰতিনিধিৰ দলটোৱে কেন্দ্ৰীয় চৰকাৰৰ বিষয়ববীয়া সকলক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক খনে যে অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব সেই কথাও অবগত কৰিব।

Related News