সম্প্ৰতি কোনো কোনো লোকে শংকৰদেৱক “হিন্দুত্ব”ৰ প্ৰবক্তা সজাব বিচাৰিছে যিটো এক অদ্ভুত কথা। শংকৰদেৱ হিন্দুধৰ্মৰ এক বিশেষ মাৰ্গৰ প্ৰতিনিধি। কিন্তু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদিগুৰু বিনায়ক দামোদৰ ছাভাৰকাৰে প্ৰৱৰ্তন কৰা হিন্দুত্বৰ সৈতে তেওঁৰ হিন্দুধৰ্মী মাৰ্গৰ কোনো সম্পৰ্ক নাই। পোনতে কৈ থওঁ যে ঊনবিংশ শতিকা বা তাৰো আগৰ কোনো হিন্দুধৰ্মৰ সংস্কাৰকেই এই শব্দটো ব্যৱহাৰ কৰা নাই। এই শব্দটোৰ উদ্ভাৱন, ব্যাখ্যা আৰু তাত্ত্বিকীকৰণ কৰি থৈ যোৱা মানুহজন হৈছে ছাভাৰকাৰ। কামফেৰা তেওঁ কৰিছে ঘাইকৈ তেওঁৰ ১৯২৩ চনত প্ৰকাশিত Hindutva: Who Is A Hindu? (হিন্দুত্ব : হিন্দু কোন?) নামৰ ৰচনাৰ যোগেদি। তাত তেওঁ কি কৈছে?
“ইয়াত এইখিনি ক’লেই যথেষ্ট হ’ব যে হিন্দুবাদ (Hinduism) শব্দই অনিশ্চিতভাৱে যি বুজায় তাৰ সৈতে হিন্দুত্ব একে নহয়। …. আমি যেতিয়া হিন্দুত্বৰ সাৰগত তাৎপৰ্যৰ অনুসন্ধান কৰোঁ, তেতিয়া আমি কোনো বিশেষ ধৰ্মীয় মতবাদ বা ধৰ্মবিশ্বাসৰ প্ৰতি প্ৰাথমিক মনোযোগ নিদিওঁ– প্ৰধান মনোযোগতো নিদিওঁৱেই।” (পৃষ্ঠা ৪) একে গ্ৰন্থৰে ১২১ নং পৃষ্ঠাত তেওঁ স্পষ্টকৈ কৈছে, “হিন্দুত্ব হিন্দুধৰ্মৰ সৈতে একে নহয় আৰু হিন্দুধৰ্ম হিন্দুবাদৰ সৈতে একে নহয়।”
তেন্তে ‘হিন্দুত্ব’ কি? লেখক ছাভাৰকাৰে নিজেও কৈছে, “এক উমৈহতীয়া ৰাষ্ট্ৰ, এক উমৈহতীয়া জাতি আৰু এক উমৈহতীয়া সংস্কৃতি – এইকেইটা হৈছে হিন্দুত্বৰ মূল উপাদান। … হিন্দুত্বৰ এই প্ৰথম দুটা মূল উপাদান অৰ্থাৎ ৰাষ্ট্ৰ আৰু জাতিৰ অভিধা আৰু ব্যঞ্জনা স্পষ্টকৈ কঢ়িয়ায় ‘পিত্ৰুভূ’ শব্দই আৰু তৃতীয়টো মূল উপাদান অৰ্থাৎ সংস্কৃতিক জলজল পটপটকৈ বুজাব পাৰে ‘পূণ্যভূ’ শব্দই।
‘পিত্ৰুভূ’ আৰু ‘পূণ্যভূ’ক ক্ৰমে ‘পিতৃভূমি’ আৰু ‘পূণ্যভূমি’ বুলিও ক’ব পৰা যায়। ভাৰতত জন্মা খ্ৰীষ্টান আৰু মুছলমানসকলৰ বাবে ভাৰত পিতৃভূমি হ’লেও পূণ্যভুমি নহয়। ১১৩ নং পৃষ্ঠাত ছাভাৰকাৰে দ্ব্যৰ্থহীনভাৱেই কৈছে, “যদিও আন যিকোনো এজন হিন্দুৰ নিচিনাকৈ তেওঁলোকৰ বাবেও হিন্দুস্তান পিতৃভূমি তথাপি ই তেওঁলোকৰ বাবে পৱিত্ৰভূমি (অৰ্থাৎ পূণ্যভূমি) নহয়। তেওঁলোকৰ পৱিত্ৰভূমি আছে দূৰৈৰ আৰব বা পেলেষ্টাইনত।” আকৌ কৈছে, “যদিও ভগ্নী শব্দ ‘হিন্দী’ৰ মূল অৰ্থৰ দৰেই ‘হিন্দু’ শব্দৰো মূল অৰ্থ ইণ্ডিয়ান (ভাৰতীয়), তথাপি যদি ভাৰতৰ বাসিন্দা হোৱাৰ সূত্ৰেই এজন মুছলমানক আমি হিন্দু বোলোঁ, তেন্তে শব্দ প্ৰয়োগৰ ওপৰত ইমান বেছি চাপ দিয়া হ’ব যে সি ভাঙি পৰিব বুলি আমি ভাবোঁ।”
কিন্তু, খ্ৰীষ্টান বা মুছলমানক ছাভাৰকাৰে হিন্দু নোবোলাত বা তেওঁৰ হিন্দুত্বই সিবিলাকক সামৰি নোলোৱাত কি সমস্যা আছে? সেইকথাৰ উত্তৰ পাবলৈ ভাৰতৰ স্বাধীনতাৰ ধাৰণা সম্পৰ্কে ছাভাৰকাৰে কোৱা কথা লক্ষ্য কৰা দৰকাৰ : “তেন্তে স্বৰাজ্যৰ আচল অৰ্থ ভাৰত নামৰ এডোখৰ ভূমিৰ ভৌগোলিক স্বাধীনতাই নহয় মাত্ৰ। হিন্দুস্তানৰ স্বাধীনতা হিন্দুসকলৰ বাবে প্ৰাপ্তিৰ যোগ্য হ’ব, যদিহে এই স্বাধীনতাই তেওঁলোকৰ হিন্দুত্বক অৰ্থাৎ তেওঁলোকৰ ধৰ্মীয়, জাতীয় আৰু সাংস্কৃতিক পৰিচয় সুনিশ্চিত কৰে। আমাৰ ‘স্বত্ব’ৰ বিনিময়ত, আমাৰ হিন্দুত্বৰ বিনিময়ত পাব পৰা এক ‘স্বৰাজ্য’ৰ বাবে যুঁজিবলৈ আৰু মৰিবলৈ আমি নিবিচাৰোঁ।” (হিন্দু ৰাষ্ট্ৰ দৰ্শন, পৃষ্ঠা ১১) ইয়াৰ সৈতে সংলগ্ন কথা এটা ছাভাৰকাৰৰ প্ৰকাশক এছ্. এছ্. ছাভাৰকাৰে কৈছে,“হিন্দুত্ব হৈছে এক নতুন মতাদৰ্শ বুজোৱা শব্দ আৰু সেই মতাদৰ্শ হৈছে হিন্দুৰাষ্ট্ৰৰ মতাদৰ্শ।” ভি.ডি. ছাভাৰকাৰে পৰম বিদ্বেষেৰে কৈছে, ‘‘আমাৰ শত্ৰুৰ সৈতে আমাৰ যি যি উমৈহতীয়া বস্তু আছে সেইবোৰে সিহঁতৰ বিৰুদ্ধে আমাৰ প্ৰতিৰোধ-ক্ষমতাক দুৰ্বল কৰে। … বিশ্বজনীনতাবাদ আৰু অহিংসাৰ কানিৰ কৱলত পৰি আনকি পাপ, অপৰাধ আৰু আগ্ৰাসনৰো প্ৰতিৰোধ-ক্ষমতা হেৰুৱাই পেলোৱা ভাৰতত অন্যায়ৰ বলি হোৱাৰ এক তিক্ত অনুভৱ নিৰ্মাণ কৰাৰ আৰু শাশ্বত প্ৰতিৰোধৰ ক্ষমতাক আৱাহন কৰাৰ যি আৱশ্যকতা, তাক পূৰণ কৰাৰ শ্ৰেষ্ঠ উপায় হৈছে উমৈহতীয়া উপাসনাৰ আনকি চিন-মোকাম পৰ্যন্ত নাইকিয়া কৰা। এনে উমৈহতীয়া উপাসনাস্থলীয়ে (ভাৰতভূমিৰ ইংগিত!) বিচাৰে যে সহধৰ্মী হিচাপে সেইসকলৰ হাত সাৱটি ধৰা হওক, যাৰ হাতে ৰাষ্ট্ৰ হিচাপে তেওঁৰ (ভাৰতৰ!) ডিঙিত চেপি ধৰিছিল।”
দেখা গ’ল যে ছাভাৰকাৰৰ হিন্দুত্বই শংকৰদেৱৰ নৱ-বৈষ্ণৱ ধৰ্মই কৰাৰ দৰে হিন্দুধৰ্মৰ কোনো ধৰ্মতাত্ত্বিক বা আধ্যাত্মিক আলোচনা বা সংস্কাৰ কৰিব খোজা নাই। ধৰ্ম-কৰ্মত তেওঁৰ বিশেষ ৰাপ নাছিলেই। ইতিহাসবিদ বিপান চন্দ্ৰই তেওঁক ‘বাস্তৱবাদী নাস্তিক’ বুলিছে। তেওঁৰ হিন্দুত্ব হৈছে এক ক্ষমতাকেন্দ্ৰিক, বিদ্বেষপূৰ্ণ, বৈষম্যপূৰ্ণ, প্ৰতিশোধপৰায়ণ ৰাজনীতি। তেওঁৰ হিন্দুত্বভিত্তিক হিন্দুৰাষ্ট্ৰত খ্ৰীষ্টান বা মুছলমানৰ স্থান নাই, যিহেতু তেওঁৰ মতে সিবিলাকৰ পুণ্যভূমি ভাৰত নহৈ দূৰ-দূৰান্তৰৰ অন্য কোনোবা দেশ।
এই হিন্দুত্বৰ সৈতে শংকৰদেৱৰ ধৰ্মমত, জীৱন আৰু কৃতিৰ কিবা ৰাহি-যোৰা আহিবনে?
শংকৰদেৱৰ মানসত গণতন্ত্ৰ আৰু মানৱতাবাদৰ কিছুমান প্ৰমূল্য বদ্ধমূল আছিল। ফলত হুবহু আধুনিক সাম্যবাদী চিন্তা নহ’লেও এক সৰ্বাত্মবাদী চিন্তাই তেওঁক প্ৰেৰিত কৰিছিল। সেয়ে তেওঁৰ পক্ষে ব্ৰাহ্মণ-চণ্ডালক সমৰূপে চোৱাটো সম্ভৱ হৈছিল; গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম, মিৰিৰ পৰমানন্দ আৰু মুছলমানৰ চান্দসাইক তেওঁ ভকত ৰূপে আঁকোৱালি ল’ব পাৰিছিল; চান্দসাইক প্ৰসাদ বিলাব দিব পাৰিছিল; “নাহি ভকতিত জাতি অজাতি বিচাৰ” বুলি ক’ব পাৰিছিল। ছাভাৰকাৰৰ হিন্দুত্বত এনে সাম্যবাদী বা সৰ্বাত্মবাদী প্ৰমূল্যৰ বাবে এছিকটাও ঠাই নাই। তাত আছে হিন্দু-মুছলিম-খ্ৰীষ্টানৰ বৈষম্যৰ প্ৰমূল্য।
ছাভাৰকাৰৰ হিন্দুত্বত যি বিদ্বেষ আছে সেয়া শংকৰদেৱত নাই। ব্ৰাহ্মণসকলে কৰা লাঞ্ছনাই তেওঁক কেনেকৈ তিক্ততা দিছিল তাৰ বিৱৰণ ‘গুৰুচৰিত’ত আছে :
“ব্ৰাহ্মণৰ বাক্যশৰ প্ৰহাৰৰ খোঁচে ।
হৃদয় কলীয়া পৰি সাঞ্চ বান্ধি আছে।।”
কিন্তু, সেইবুলি ব্ৰাহ্মণ-বিদ্বেষৰপৰা তেওঁ মুক্ত :-
“ব্ৰাহ্মণ সবক দ্বেষ কৰিবাক
আমাৰ নোহে উচিত।
কৃষ্ণৰ ভকতি পথক বিপ্ৰৰ
মুখতে কৰোঁ বিদিত।।”
আজি ছাভাৰকাৰৰ অনুগামীসকল ৰাজ-ক্ষমতাৰ প্ৰতি খুবেই আগ্ৰহী। তাৰোপৰি জনবিৰোধী নৱ্য-উদাৰবাদী অৰ্থনৈতিক শক্তিৰ সৈতেও হিন্দুত্ববাদী শক্তিৰ দৰহম-মৰহম। তেওঁলোকৰ অভীষ্ট সিদ্ধিৰ বাবে উক্ত দুয়োবিধ ক্ষমতাৰ সহযোগ তেওঁলোকক লাগে। কিন্তু, শংকৰদেৱে ৰাজ-ক্ষমতাক তুচ্ছ জ্ঞান কৰি তাৰ পৰা সততে আঁতৰি আছিল। বাৰভূঞাৰ বিষয়বাব তেওঁ এৰিছিল; আহোম ৰজাৰ সৈতে সদ্ভাৱ নথকাত তেওঁ ভটিয়াই গৈছিল। নৰনাৰায়ণে আশ্ৰয় দিয়াত তেওঁ কৃতজ্ঞ হৈছিল সঁচা। কিন্তু তেওঁৰ পৰাও দূৰত্ব বজাই ৰাখিছিল। ৰজাই যঁচা গোমস্তাৰ পদ প্ৰত্যাখ্যান কৰিছিল আৰু ৰজাই উপহাৰ হিচাপে দিয়া সোণৰ চোলা হেনো এদিন মাত্ৰ পিন্ধি আনক দান দিছিল। কথিত আছে যে নৰনাৰায়ণে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো তেওঁ তেওঁক শৰণ দিয়া নাছিল। ৰাজশক্তিৰ বিৰুদ্ধে বিষোদ্গাৰ আৰু দামোদৰ বিপ্ৰৰ দৰে দৰিদ্ৰৰ প্ৰতি সহমৰ্মিতাৰ ভাব তেওঁৰ ৰচনাত প্ৰচুৰ।
আজি ছাভাৰকাৰৰ অনুগামীসকলে মূৰত তোলা শাস্ত্ৰ ‘মনুসংহিতা’ই স্ত্ৰী আৰু শূদ্ৰৰ দাসত্বৰ পক্ষে মতপোষণ কৰে। কিন্তু, দ্বাদশ স্কন্ধ ভাগৱতত শংকৰদেৱে শূদ্ৰৰ বিষয়ে কৈছে, “অপ্ৰয়াসে লভিবে ঈশ্বৰ মহাজ্ঞান/ এতেকে কলিত শূদ্ৰ কৈৱৰ্ত প্ৰধান।”
অৰ্থাৎ ছাভাৰকাৰৰ হিন্দুত্ব আৰু তেওঁৰ অনুগামীসকলৰ হিন্দুত্ববাদৰ সৈতে শংকৰদেৱৰ ধৰ্মমতৰ তেল-পানীৰ সম্পৰ্ক। হিন্দুত্ব আৰু হিন্দুত্ববাদে হিন্দুধৰ্মৰ বিভিন্ন আৰু পৰস্পৰ-বিপৰীত মাৰ্গৰ মাজত কোনো বাছ-বিচাৰ নকৰি সকলোৰে প্ৰতি এক অন্তৰ্ভুক্তি (inclusiveness)-ৰ মনোভাৱ ৰাখে, কিন্তু ভাৰতৰ জনগণৰ ক্ষেত্ৰত ধৰ্মীয় পৰিচয়ৰ ভিত্তিত এক বৰ্জন (exclusiveness)-ৰ মনোভাৱ লয়। ইয়াৰ ঠিক ওলোটা মেৰুত আছে শংকৰদেৱৰ চিন্তা আৰু কাৰ্যপন্থা। জন-গণৰ সকলোৰে প্ৰতি তেওঁৰ আছিল অন্তৰ্ভুক্তিৰ মনোভাব আৰু বৈষ্ণৱ মাৰ্গক বাদ দি হিন্দুধৰ্মৰ অন্য মাৰ্গৰ প্ৰতি- যেনে শৈৱ বা শাক্ত বা দ্বৈতবাদী মাৰ্গৰ প্ৰতি – তেওঁৰ আছিল একধৰণৰ বৰ্জনৰ মনোভাব। ইয়াৰ ভিত্তিত আছিল তেওঁৰ গণতান্ত্ৰিক, মানৱতাবাদী, সৰ্বাত্মবাদী গণমুখী প্ৰমূল্য। এইজন শংকৰদেৱকে হিন্দুত্ববাদীয়ে হাইজেক কৰিব খুজিলে আমি কি চুপ হৈ বহি থাকিম?
(বিঃ দ্ৰঃ ছাভাৰকাৰৰ উক্তিসমূহৰ অনুবাদ লেখকৰ নিজা।)
শিৱজিত দত্ত, লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক