মহিলাৰ সুৰক্ষা সু-নিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে ১৮১-সখী ট’ল ফ্ৰী মহিলা হেল্প লাইন নম্বৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে জনতা ভৱনত মুখ্য মন্ত্ৰীৰ সভা গৃহত মহিলাৰ মৰ্য্যাদা, স্বাভিমান আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যখনকে সামৰি ১৮১-সখী ট’ল ফ্ৰী মহিলা হেল্প লাইন নম্বৰ এটি আনুষ্ঠানিকভাৱে মুকলি কৰে।

এই উলক্ষে আয়োজিত সভাত মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, ‘কিছু দিন ধৰি মহিলাৰ বিৰুদ্ধে সংঘটিত ঘটনাৱলী অতিশয় চিন্তনীয় বিষয়। সেই বাবে ৰাজ্য চৰকাৰে এনে ধৰণৰ ঘটনা সমূহ যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু এই কাৰ্যত লোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।’

মুখ্য মন্ত্ৰী গৰাকীয়ে নাৰী জনিত অপৰাধমূলক ঘটনা যাতে সংঘটিত হ’ব নোৱাৰে তাৰ বাবে ৰাজ্যখনৰ প্ৰতিখন থানাকে চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া বুলি কয়।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ চাৰ্জশ্বিট নিখুঁত আৰু সময়মতে দাখিল কৰাটো সু-নিশ্চিত কৰিবলৈ আৰক্ষী অধীক্ষক সকলক নিৰ্দেশ দিয়া হৈছে যাতে নিৰ্যাতিত সকলে ন্যায় লাভ কৰিব পাৰে।‘

প্ৰতিদিনে যাতে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ গোচৰ চলাই যাব পাৰে তাৰ বাবে ফাষ্ট ট্ৰেক ক’ৰ্ট স্থাপন কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়লৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে মহিলা সম্পৰ্কীয় অপৰাধমূলক গোচৰ সমূহ যাতে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত মহিলা কোষ গঠন কৰা হ’ব।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু জনসাধাৰণে একত্ৰিতভাৱে কাম কৰিব লাগিব। ফলত মুখ্য মন্ত্ৰী গৰাকীয়ে জনসচেতনতা সৃষ্টিৰ বাবে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণক লৈ জনসচেতনতামূলক অভিযান চলাবলৈ নিৰ্দেশ দিছে।

আনহাতে সভাতে ট’ল ফ্ৰী নম্বৰৰ লগত জড়িত থকা চৰকাৰী অংশীদাৰ সকলক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ দ্বাৰা ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে মহিলা সকলক ২৪ ঘণ্টাই যি কোনো বিপদৰ পৰা সুৰক্ষিত কৰি ৰাখিবৰ বাবে সেৱা প্ৰদান কৰা হৈছে। এই সেৱা বৰ্তমান পুৱা ৯ বজাৰ পৰা ৫-৩০ লৈকে মুকিল থাকিব আৰু অতি শীঘ্ৰে ২৪ ঘণ্টা উপলব্ধ হ’ব।

এই সেৱাৰ জৰিয়তে মহিলা আৰক্ষী থানা, ৰাজ্যিক পৰ্যায়ৰ মহিলা আয়োগ, ফেমেলি কাউন্সিলিং চেণ্টাৰ, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন, আইন সেৱা কেন্দ্ৰ, আশ্ৰয় গৃহ, স্বাস্থ্য আৰু আইন বিশেষজ্ঞক সামৰি লোৱা হৈছে।

আনহাতে এই সেৱাৰ জৰিয়তে সমাজ কল্যাণ আঁচনি, আশ্ৰয়, কাউন্সিলিং, স্বাস্থ্য পৰীক্ষা, এজেহাৰ দাখিল, আইন সাহায্য, দৃশ্যশ্ৰাব্য, ৰেকৰ্ডিং তৎকালীন সহায় আৰু উদ্ধাৰৰ লেখীয়া সুবিধা সমূহো প্ৰদান কৰা হ’ব।

আজিৰ অনুষ্ঠানটোত ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা চিকিমীকি তালুকদাৰ, অসম ৰাজ্যিক সমাজ কল্যাণ ব’ৰ্ডৰ অধ্যক্ষা কৃষ্ণা দাস বৰ্মন আৰু আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সহায়, অতিৰিক্ত মুখ্য সচিব অলক কুমাৰ, সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব জিষ্ণু বৰুৱা, গৃহ বিভাগৰ প্ৰধান সচিব এল এছ চাংচনকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।