NORTHEAST NOW (Assamese)

মহিলা আৰক্ষীৰ কব্জাত হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা ‘পি এ’

August 2, 2018 8:12 pm · অনিৰ্বাণ পাঠক
Updated: August 2, 2018 8:15 pm

গুৱাহাটীৰ মহিলা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা পি এ’।

ভুৱা পৰিচয়েৰে প্ৰভাৱশালী মন্ত্ৰীজনৰ সৈতে সম্পৰ্ক থকা বুলি পৰিচয় দি এগৰাকী যুৱতীৰ পৰা চাকৰিৰ নামত ঘোচ বিচৰাৰ অভিযোগত আজি ২ জুলাইত গ্ৰেপ্তাৰ হৈছে নীতীন কুমাৰ ৰাজপুত নামৰ এজন।

‘যুৱকজনে মহিলাগৰাকীক সমাজ কল্যাণ বিভাগত চাকৰি দিম বুলি মেছেজ পঠিয়াইছিল। লগতে তিনি লাখ বা পাঁচ লাখ টকা দিলে চাকৰিটো দিব পাৰিব বুলি জনাইছিল,’ যোৱা ২৬ জুলাইত অভিযোগকাৰী মহিলাগৰাকীয়ে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত ৰাজপুতক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি উল্লেক কৰি মন্তব্য পাণবজাৰ মহিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰতী শইকীয়াৰ।

যুৱতীগৰাকীক ভাবুকি আৰু অশ্লীল মেচেজো দিছিল দিচপুৰ চুপাৰ মাৰ্কেটৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱকজনে।

‘বিভিন্ন কথাৰে ভাবুকি প্ৰদানৰ লগতে অশ্লীল ইংগিত দিয়া বুলিও অভিযোগ কৰিছে মহিলাগৰাকীয়ে,’ নৰ্থ ইষ্ট নাও-ক জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে।

ঘটনাটো সন্দৰ্ভত পানবজাৰ মহিলা আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ ৩৫৪(ডি) আৰু আই টি এক্টৰ ৬৫ ধাৰাত ৮৩/২০১৮ নম্বৰৰ গোচৰ ৰুজু হৈছিল।

জেৰাত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্কৰ কোনো তথ্য পোৱা নাই বুলি আৰক্ষীয়ে জনাইছে। ‘হিমন্ত বিশ্ব শৰ্মাৰ লগত সম্পৰ্ক থকাৰ কোনো তথ্য এতিয়ালৈকে লাভ কৰা নাই,’ জনালে আৰক্ষী বিষয়াগৰাকীয়ে।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে যুৱকজনে ‘তৰংগ’ নামৰ জনৈক লোকৰ জৰিয়তে মন্ত্ৰীগৰাকীৰ লগত চিনাকি হৈছিল বুলিহে জনাইছে। ‘যুৱকজনে হিমন্ত বিশ্ব শৰ্মাৰ লগত চিনাকি থকা বুলি জনাইছে। তৰংগ নামৰ লোক এজনৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ লগত চিনাকি হোৱা বুলি কৈছে,’ মন্তব্য আৰক্ষী বিষয়া শইকীয়াৰ।

Related News