মহিৰপাৰা অঞ্চলত পথ, দলং, বিদ্যালয়কে ধৰি কেইবাটাও কামৰ আধাৰশিলা স্থাপন
অলপতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত ৰাজনৈতিক দলবিলাকৰ তৎপৰতা হঠাতে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ৰাজনৈতিক দল আৰু নেতাই পঞ্চায়ত নিৰ্বাচনক লক্ষ কৰি তেওঁলোকৰ কাৰ্য্যসূচী প্ৰস্তুত কৰিছে। একে ধৰণৰ তৎপৰতা দেখা গৈছে বি টি এ ডিতো। বিপিএফ দলৰ নেতাসকলে বিভিন্ন ঠাইত নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপনেৰে চমক সৃষ্টি কৰাৰ চেষ্টা কৰা দেখা গৈছে। কালি শুক্লাই চেৰফাং সমষ্টিৰ কাৰ্য্যবাহী সদস্য গণেশ কছাৰীয়ে মহিৰপাৰা অঞ্চলত পথ, দলং, বিদ্যালয়কে ধৰি কেইবাটাও আন্তঃগাঁথনিৰ কামৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰি গণেশ কছাৰীয়ে কয় যে ২০০৫ চনত বিটিচি চুক্তি হোৱাৰ পূৰ্বে বিটিএডিৰ বাট-পথৰ কোনো অৱস্থাই নাছিল। বিটিচি চুক্তি হোৱাৰ পিছত বিপিএফ দলেহে এই অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন কৰিছে। আন কোনো দলে কৰা নাই। যদি কোনোবাই আন দলে বিটিএডিৰ উন্নয়ন কৰা বুলি দেখুৱাই দিব পাৰে তেন্তে তেওঁ ৰাজনীতি ত্যাগ কৰিব বুলিও কয় কাৰ্য্যবাহী সদস্যজনে। তেওঁ বিটিএডিত সকলো জাতি-সম্প্ৰদায়ৰ লোকৰ ভাষা-সংস্কৃতি সুৰক্ষিত থাকিব বুলিও মন্তব্য কৰে। সদস্যজনে মাদলবাৰী-বড়িগাওঁ পথ, শুক্লাই এম ই স্কুলৰ চাৰিবেৰ-শ্ৰেণীকোঠা আৰু খেল পথাৰ, নিজকুচলা-হীৰাচুবুৰি পথ, মোকলদংগা-দিকপাৰ পথ, চেঁচাপাৰ-পুখুৰীপাৰ পথ আৰু পুখুৰীপাৰ গাঁৱত এখন পকীদলঙৰ আধাৰশিলা স্থাপন কৰে।