মহেন্দ্ৰ কাৰ্কী ফুটবল প্ৰতিযোগিতাত ৰেনজং ফুটবল ক্লাবক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত ছিকিম পুলিচ

mahendra-karki-300x256

গেংটকৰ পালজৰ ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় ২য় মহেন্দ্ৰ কাৰ্কী স্মাৰক ফুটবল প্ৰতিযোগিতা-২০১৮ৰ  আৰম্ভণিৰ মেচখনত ছিকিম পুলিচে ৰেনজং ফুটবল ক্লাবক ৬-০ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইলেলত প্ৰৱেশ কৰিছে।

ছিকিম পুলিচৰ বছৰটোৰ ষ্ট্ৰাইকাৰ বীৰ বাহাদুৰ প্ৰধানে দুটা গ’ল  দিয়ে আৰু সুকৰাজ চুব্বা, ছাংগে চোপ্ৰেল ভূটীয়া আৰু কৰ্মা লেপচাই দলটোৰ হৈ এটাকৈ গ’ল দিয়ে।

খেলখনৰ অন্তিম সময়ত ৰেনজং ফুটবল ক্লাবৰতৰফৰ পৰা হোৱা এটা নিজাপক্ষীয় গ’লৰ দ্বাৰা দলটোৰ বিপক্ষে বৃহৎ বিজয় সাব্যস্ত কৰে ছিকিম আৰক্ষী দলটোৱে।

ৰাজ্যসভাৰ সাংসদ হিছে লাচুংপাই ছাত্ৰ-ছাত্ৰী, ফুটবল প্ৰেমী আৰু প্ৰয়াত মহেন্দ্ৰ কাৰ্কীৰ পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱৰ উপস্থিতিত ফুটবল প্ৰতিযোগিতাখন উদ্বোধন কৰে।

উল্লেখ্য যে ২০১৭ চনৰ পৰাই ছিকিমৰ ভূতপূৰ্ব ফুটবলাৰ প্ৰয়াত মহেন্দ্ৰ কাৰ্কীৰ সোঁৱৰণত এই ফুটবল প্ৰতিযোগিতাখনৰ আয়োজন কৰি আহিছে ছিকিম বয়জে ফুটবল ক্লাবে।

স্মৰ্তব্য যে গেংটক নিবাসী মহেন্দ্ৰ কাৰ্কী ২০১১ চনত গেংটকত সংঘটিত এটা গাড়ী দুৰ্ঘটনাত নিহত হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩১ বছৰ।

ৰাজ্যিক দলৰ হৈ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা জনপ্ৰিয় ফুটবলাৰ মহেন্দ্ৰ কাৰ্কীয়ে ভালেমান স্থানীয় ক্লাবৰ ৰাইট ছআইড বেক খেলুৱৈ হিচাপে খেলিছিল।

তেওঁ ২০০৪ চনত নতুন দিল্লীত অনুষ্ঠিত সন্তোষ ট্ৰফীৰ প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেলৈকে উত্তীৰ্ণ হোৱা ৰাজ্যিক দলটোৰ সদস্যও আছিল। এয়াই আছিল দলটোৱে এতিয়ালৈকে কৰা আটাইতকৈ ভাল প্ৰদৰ্শন।

প্ৰয়াত মহেন্দ্ৰ কাৰ্কীৰ সৈতে ৰাষ্ট্ৰীয় ফ্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা ছিকিম বয়জ ফুটবল ক্লাবৰ সদস্যসকলে তেওঁৰ বন্ধুৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

প্ৰতিযোগিতাৰ অন্যন্য অংশগ্ৰহণকাৰী দলসমূহ হৈছে এছ ডি এফ এ (নামচি), ছিকিম আক্ৰমণ ফুটবল ক্লাব, গেংটক হিমালয়ান ফুটবল ক্লাব, বয়জ ক্লাব গেংটক, ইউনাইটেড ছিকিম ফুটবল ক্লাব, ইউনাইটেড কুৰছেওং ফুটবল ক্লাব, এপেক্স ফুটবল ক্লাব কালিমপুং আৰু ইউনাইটেড ব্ৰাডাৰছ কালিমপুং।

শনিবাৰৰ দিনৰ ২ বজাৰ মেচখনত ষ্টেট স্পৰ্টছ একাডেমিয়ে কুমাৰ স্পৰ্টিং ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অহা ৩০ এপ্ৰিলত   গেংটকৰ পালজৰ ষ্টেডিয়ামত ফ্লাড লাইটৰ পোহৰত ফাইনেল খেলখন অনুষ্ঠিত হ’ব।