মাইবঙৰ গুলীচালনা : ৩০ জানুৱাৰিত দিল্লীত প্ৰতিবাদ কৰিব দিল্লী একশ্যন কমিটি ফৰ আছামে

Protest-in-Dima-Hasao-678x381

ডিমা হাচাওত জনতাৰ প্ৰতিবাদ। ফাইল ফটো

অলপতে ডিমা হাচাও জিলাৰ মাইবঙত প্ৰতিবাদীকাৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰাৰ ঘটনাৰ বিৰুদ্ধে  অহা মঙলবাৰে নতুন দিল্লীত দিল্লী একশ্যন কমিটি ফৰ আছাম(ডিএচিএ)এ প্ৰতিবাদী ধৰ্ণা কাযৰ্সূচী পালন কৰিব। উক্ত ঘটনাত দুগৰাকী ব্যক্তি নিহত হোৱাৰ লগতে আন সাতগৰাকী ব্যক্তি আহত হৈছিল।

একশ্যন কমিটিয়ে নতুন দিল্লীৰ চাণক্যপুৰীত থকা অসম ভৱনৰ সন্মুখত দিনৰ ২ বজাত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব।

‘’ আমি দিল্লীত থকা সকলো গণতান্ত্ৰিক আৰু প্ৰগতিশীল শক্তিক ৩০ জানুৱাৰিৰ দিনৰ ২ বজাত নতুন দিল্লীৰ চানক্যপুৰীত থকা অসম ভৱনৰ সন্মুখত ডিমা হাচাওৰ আৰক্ষীৰ গুলীচালনাৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনালো,’’-একশ্যন কমিটিৰ সমুদ্ৰ শংখ গগৈয়ে জনায়।

একশ্যন কমিটিয়ে মাইবঙত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ গুলীচালনাক কঠোৰ ভাষাৰে নিন্দা কৰে।

বৃহস্পতিবাৰে ১২ ঘন্টীয়া ডিমা হাচাও বন্ধৰ সময়ছোৱাত প্ৰতিবাদ কৰিবলৈ যাওতে মাইবং ৰে’ল ষ্টেশ্যনত আৰক্ষীৰ গুলীচালনাত গুৰুতৰভাৱে আহত দুজনৰ গুৱাহাটীলৈ চিকিৎসাৰ বাবে নিয়াৰ পথত মৃত্যু হৈছিল।

প্ৰস্তাৱিত গ্ৰেটাৰ নাগালিমত ডিমা হাচাও জিলাক অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে ডিমা হাচাওৰ পাঁচটা বিভিন্ন সংগঠনে এই বন্ধৰ আহ্বান দিছিল।

‘’প্ৰতিবাদকাৰীসকলে এগৰাকী আগশাৰীৰৰ আৰএছএছ কৰ্মীয়ে গ্ৰেটাৰ নাগালিমত জিলাখনৰ এটা অংশ অন্তৰ্ভুক্ত হোৱা বুলি কৰা মন্তৱ্যৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল,’’-একশ্যন কমিটিয়ে প্ৰকাশ কৰে।

দিল্লী একশ্যন কমিটিয়ে দাবী কৰে যে ‘’অসমত বিশেষকৈ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আতিশয্য বৃদ্ধি পাইছে।‘’ তেওঁলোকে লগতে জনায় যে ‘’ ২০১৬ চনৰ ২৪ মে’ত বৰ্তমানৰ বিজেপি চৰকাৰে ক্ষমতাত অহাৰ পিছত মাইবঙৰ গুলীচালনাৰ ঘটনাটো পঞ্চমটো ঘটনা য’ত আৰক্ষীৰ গুলী চালনাত প্ৰতিবাদকাৰীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে।‘’