NORTHEAST NOW (Assamese)

টিঙৰাইত ‘মাকুম আলি’ৰ উন্নীতকৰণ আৰু সৱলীকৰণ কামৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

June 5, 2018 11:33 pm · এন ই নাও নিউজ
সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো, উৎস ইণ্টাৰনেট

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি টিঙৰাইত কেন্দ্ৰীয় পথ পুঁজিৰ অধীনত ১০.১০ কি মি দৈৰ্ঘ্যৰ ২১.৬৮ কোটি টকা ব্যয় সাপেক্ষ টিঙৰাই-ডুমডুমা সংযোগী ‘মাকুম আলি’ৰ উন্নীতকৰণ আৰু সৱলীকৰণ কামৰ আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে আয়োজিত এক সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বাট-পথ উন্নয়নৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে।

ৰাজ্যখনৰ উন্নয়ন তথা জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰণৰ দিশত বৰ্তমানৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰি চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্যক লৈ কোনেও ভুল বুজিব নালাগে বুলি মুখ্য মন্ত্ৰীয়ে লগতে উল্লেখ কৰে।

ৰাজ্যখনৰ সম্পদ আৰু সম্ভাৱনীয়তাক বিকশাই তুলি উৎপাদন বৃদ্ধি কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে শক্তিৰ জৰিয়তে ৰাজ্যখনে সমগ্ৰ দক্ষিণ পূব এছিয়াৰ প্ৰাণ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ যথেষ্ট সম্ভাৱনীয়তা বহন কৰিছে বুলি কয়।

আজিৰ এই অনুষ্ঠানত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক ক্ৰমে সুৰেন ফুকন, ভাস্কৰ শৰ্মা আৰু বলীন চেতীয়া, ৰাজ্যিক পৰ্যায়ৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য-সচিব লক্ষ্য কোঁৱৰকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

Related News