মাছ ধৰিবলৈ গৈ কোকৰাঝাৰত পিতা পুত্ৰৰ সলিল সমাধি

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত বলদিয়াবাথাননৰ হেল নদীত মাছ ধৰিবলৈ গৈ পিতা পুত্ৰৰ সলিল সমাধি ঘটাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

মাছ মাৰিবলৈ গৈ হেল নদীত সলিল সমাধি ঘটা পিতা-পুত্ৰ ক্ৰমে ৰতিকান্ত ৰায় (৫৬) আৰু তেওঁৰ ৮ বছৰীয়া সন্তান বকুল ৰায় বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় লোকৰ পৰা জানিব পৰা মতে কালি বিয়লি ৰতিকান্ত  ৰায়ৰ কণমানি সন্তান বকুল ৰায়ে মাছ খাবলৈ পিতাকক আব্দাৰ কৰাত পিতৃ ৰতিকাান্তই পুত্ৰ বকুলক লৈ হেল নদীত মাছ মাৰিবলৈ যায়। বকুলৰ মাতৃয়ে মাছ মাৰিবলৈ যোৱাত দুয়োকে বাধা দিয়া সত্ত্বেও পিতা-পুত্ৰ মাছ ধৰিবলৈ ওলাই যায়।

সন্ধিয়া হোৱাৰ পিছতো তেওঁলোক ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ সদস্যৰ মাজত উৎকণ্ঠা বাঢ়ে আৰু মাকে নিজেই দুয়োকে বিচাৰি যায় যদিও বহু সময় বিচৰাৰ পিছতো কোনো সন্ধান নোপোৱাত গাঁওৱাসীক পিতা-পুত্ৰৰ সন্ধানহীন হোৱাৰ বিষয়ে অৱগত কৰে।

পিছত গাঁওৰ একাংশ ৰাইজে হেল নদীত পিতা-পুত্ৰক বিচাৰি অভিযান চলাই বহুসময় বিচৰাৰ অন্তত কালি নিশা গাঁওৱাসীয়ে হেল নদীৰ পৰা দুয়োৰে নিথৰ দেহ  উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

উক্ত ঘটনাটোৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে ।